Wild elephant attack:হাতীৰ গচকত চিৰনিদ্ৰাত এজন কম বয়সীয়া যুৱক
Published : Nov 4, 2023, 11:21 AM IST
|Updated : Nov 4, 2023, 12:17 PM IST
গোলাঘাট, 4 নৱেম্বৰ : গোলাঘাট জিলাৰ নুমলীগড়ৰ ১ নং ৰংবঙত নিশা বন্যহস্তীৰ আক্ৰমণত এজন যুৱক নিহত । হাতী খেদিবলৈ যাওঁতেই চাহ বাগিচাৰ মাজত বন্যহস্তীৰ অতৰ্কিত আক্ৰমণত নিহত হয় ইচ্ছাদিত কুৰ্মী (বাবু কুৰ্মী) নামৰ যুৱকজন । ঘটনাস্থলীত আৰক্ষী আৰু বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে । সমগ্ৰ অঞ্চলটোতে যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি বিৰাজ কৰিছে চেপা উত্তেজনাই ।
উল্লেখযোগ্য যে, নুমলীগড় আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত হাতী মানুহৰ সংঘাতৰ এইয়া নতুন কাহিনী নহয় । হাতী মানুহৰ সংঘাত এই অঞ্চলসমূহত এক জলন্ত সমস্যা হিচাপে পৰিগণিত হৈ আহিছে । আনকি বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ বাবে চন পৰি থাকিবলগীয়া হৈছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি । নিশা বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি ঘৰ দুৱাৰ ভাঙি তচনচ কৰাৰ লগতে হাতীৰ আক্ৰমণত বহুলোকে মৃত্যু বৰণ কৰাৰ সমান্তৰালকৈ চিৰদিনৰ বাবে পংগু হৈছে । ইয়াৰ পাচতো এই হাতী মানুহৰ সংঘাত নিৰ্মূল কৰাৰ বাবে আজিলৈকে কোনোধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল বিয়াগোম বন বিভাগে ।
লগতে পঢ়ক : Elephant menace: হোষ্টেলৰ পৰা ঘৰলৈ বুলি অহা জীয়েকে লগ নাপালে আইক