ETV Bharat / sports

বিজয়ৰ আনন্দ প্ৰকাশ কৰিবলৈ শব্দ নাই : আই পি এল ট্ৰফী হাতত লৈ ক'লে আন্দ্ৰে ৰাছেলে - IPL 2024

author img

By ANI

Published : May 27, 2024, 8:22 AM IST

IPL 2024 Champion Team : দহ বছৰৰ অপেক্ষাৰ অন্তত আই পি এলৰ খিতাপ দখল কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈৰ মাজত এতিয়া আনন্দৰ জোঁৱাৰ । উজলিল কেইবাগৰাকীও দেশী-বিদেশী খেলুৱৈ । এই বিজয়ৰ পিচতেই খেলুৱৈসকলে প্ৰকাশ কৰিলে মনৰ কথা ।

IPL 2024 FINAL
কে কে আৰৰ তাৰকা অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেল (ANI)

স্প’ৰ্টছ ডেস্ক, ২৭ মে’: দহ বছৰৰ অপেক্ষাৰ অন্তত আই পি এলৰ খিতাপ দখল কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকলৰ মাজত এতিয়া আনন্দৰ বন্য়া ৷ দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল 2024 ৰ চূড়ান্ত মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটত সহজ বিজয় সাব্যস্ত কৰা শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছৰ বিজয়ে খেলুৱৈসকলক আনন্দৰ সাগৰত ডুবাই পেলাইছে ৷

একেখন খেলপথাৰতে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ অৰ্জন কৰিছিল 2012 চনত । এই বিজয়ৰ পিচতেই কে কে আৰৰ তাৰকা অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলৰ দুচকুৰ পৰা নিগৰি অহা চকুপানীত প্ৰকাশ পাইছিল আবেগ ভৰা আনন্দ । দুহাতেৰে মুখ ঢাকিও ৰখাব পৰা নাছিল চকুপানী ৷

114 ৰাণৰ সহজ লক্ষ্য অনুসৰণ কৰি দলটোৱে 10.3 অভাৰতে 2 টা উইকেট হেৰুৱাই বিজয়ী হৈ আই পি এল 2024 ৰ খিতাপ দখল কৰাৰ পিচতেই খেলুৱৈসকলৰ আৱেগে যেন এক নতুন মাত্ৰা দিলে । খেলখনৰ সমাপ্তিৰ পিছত কে কে আৰৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে চেষ্টা কৰিও চকুপানী ধৰি ৰাখিব নোৱাৰি থোকাথুকি মাতেৰে ফ্ৰেঞ্চাইজিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয়,"এই বিজয়ৰ আনন্দ প্ৰকাশ কৰিবলৈ কোনো শব্দ নাই" ৷

ৰাছেলে তেওঁৰ সতীৰ্থসকলৰ অনুশাসন আৰু তেওঁলোকে খেলপথাৰত দেখুওৱা আত্মবিশ্বাস তথা মনোভাৱৰ প্ৰশংসা কৰি কয় যে, এই বিজয় তেওঁৰ বাবে ফ্ৰেঞ্চাইজিয়ে যিখিনি আগবঢ়াইছে, তাৰ কৃতজ্ঞতাস্বৰূপে দিয়া এক উপহাৰহে । ফ্ৰেঞ্চাইজিয়ে তেওঁৰ বাবে যথেষ্ট কাম কৰিছে বুলি উল্লেখ কৰি তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে পুনৰ কয়,"মই সুখী এই বাবে যে আমি সকলোৱে শৃংখলাবদ্ধ আছিলো আৰু লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাৰ বাবে কাম কৰিছিলো" ৷

তেওঁ ফ্ৰেঞ্চাইজিক ধন্য়বাদ জ্ঞাপন কৰি পুনৰ কয়,"এইটো আমাৰ সকলোৰে পৰা তেওঁলোকলৈ এটা ডাঙৰ উপহাৰ" ৷ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীৰ প্ৰদৰ্শনতো সমানে ৰোমাঞ্চিত হৈ প্ৰশংসাৰে উপচাই কয়,"তেওঁ 21 টা উইকেট লাভ কৰিছে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনে খিতাপ দখলৰ বাবে চলোৱা প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে" ৷ তাৰকা অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে প্ৰশিক্ষক অভিষেক নায়াৰকো দলটোৰ সাফল্য়ৰ বাবে কৃতিত্ব প্ৰদান কৰে ।

ইপিনে, হাৰ্ড-হিটিং বেটাৰ ৰিংকু সিঙেও এই বিজয়ৰ পিচতেই আবেগিক হৈ কয়, "মোৰ সাত বছৰৰ সপোন সম্পূৰ্ণ হ'ল । অৱশেষত মই ট্ৰফীটো হাতত তুলি ল'ম । মই মোৰ দলৰ সকলো সদস্য় আৰু জিজি ছাৰৰ বাবে গৌৰৱান্বিত। এয়া ঈশ্বৰৰ পৰিকল্পনা আছিল" ৷

লগতে পঢ়ক:তৃতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কলকাতাৰ - IPL 2024 FINAL

৪ ৰানত জয়লাভ কলকাতা নাইট ৰাইডাৰ্ছৰ; খেলৰ হিৰো আন্দ্ৰে ৰাছেল - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.