AAMSU protest: কলগাছিয়াত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা

By

Published : Dec 27, 2022, 2:28 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়াত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই (AAMSU protest at Kalgachia)। সোমবাৰে প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে (Assam CM effigy burn at Kalgachia)। বৰপেটা জিলা আমছুৰ অভিযোগ চৰকাৰে অমানৱীয়ভাৱে ভূমিহীন লোকক উচ্ছেদ কৰিছে । সোমবাৰে বাঘবৰত চলা উচ্ছেদ অভিযানৰ পাছতে ক্ষুব্ধ হৈ পৰিছে আমছু (Baghbar eviction)। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে সংখ্যালঘু লোকৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে অমানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে । সেয়েহে এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ দাবী জনাই আমছু নেতা-কৰ্মীসকলে । ইফালে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.