GMCH Fraud treatment: GMCH ত চিকিৎসাৰ নামত দালালৰাজ; অধীক্ষকে জনালে সবিশেষ

By

Published : Feb 21, 2023, 5:05 PM IST

thumbnail

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী: গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (Gauhati Medical College Hospital) চিকিৎসাৰ নামত বৃহৎ প্ৰৱঞ্চনাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (GMCH Fraud treatment) ৷ এই প্ৰৱঞ্চনাত নাম সাঙুৰ খাইছে খোদ চিকিৎসক, চিকিৎসাকৰ্মীৰ ৷ চিকিৎসালয়ৰ ভিতৰত দীৰ্ঘদিন ধৰি এটা দালালৰ দলে ৰোগীৰ পৰিয়ালক চিকিৎসাৰ নামত অতিৰিক্ত সামগ্ৰী ক্ৰয় কৰিবল বাধ্য কৰোৱাৰ লগতে সামগ্ৰীৰ নামত ধন সৰকাই অহাৰ খবৰ পোহৰলৈ আহিছে ৷  

মঙলবাৰে এই ঘটনা সন্দৰ্ভত জি এম চি এইছৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই (Superintendent Dr Abhijit Sharma) সংবাদমাধ্যমক সম্বোধন কৰি (Press conference in GMCH) কয়, "শেহতীয়াকৈ আমাক এটা অভিযোগ উত্থাপন কৰিছিল যে, জৰুৰীকালীন অ’টিত ৰোগীৰ অভিভাৱকক সামগ্ৰী ক্ৰয় কৰিবলৈ দিয়াৰ উপৰিও সামগ্ৰীসমূহৰ পৰ্যাপ্ত ধন ৰাখি লয় একাংশ কৰ্মচাৰীয়ে ৷ বিশেষকৈ স্নায়ু অস্ত্ৰোপচাৰ বিভাগৰ ওপৰত এই অভিযোগ উত্থাপন হৈছিল ৷ এই অভিযোগৰ লগে লগে মই যোৱা 10 ফেব্ৰুৱাৰীত স্নায়ু অস্ত্ৰোপচাৰ বিভাগত এখন চিঠিৰ জৰিয়তে এই ঘটনাৰ বিষয়ে তদন্ত কৰিবলৈ নিৰ্দেশনা দিছিলো ৷ প্ৰথমিক পৰ্যায়ত কোনো তথ্য নোলোৱাত আমি পৰৱৰ্তী সময়ত পুনৰ অন্য এটা তদন্তৰ বাবে নিৰ্দেশনা দিছিলো ৷ এই তদন্তত দালালৰূপী ৰুবুল কলিতা নামৰ এজন অস্থায়ী কৰ্মচাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ লগে লগে তেওঁক চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হয় ৷ "

"পৰৱৰ্তী সময়ত এই ঘটনাৰ তদন্তৰ বাবে আমি এক কমিটী গঠন কৰি দিছিলো ৷ এই কমিটীৰ তথ্য অনুসৰি এনে ঘটনা চিকিৎসালয়ৰ ভিতৰত অব্যাহত হৈ আছে বুলি এক তথ্য পোহৰলৈ আহে ৷ আমি ইতিমধ্যে ৰুবুল কলিতাৰ বিৰুদ্ধে হাস্পতালৰ পৰাও এজাহাৰ দাখিল কৰিছো ৷ আৰক্ষীয়ে ৰুবুলৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷" তেওঁ লগতে কয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি চিকিৎসকে প্ৰথমে ৰোগীৰ পৰিয়ালক "ক্লিপ" নামৰ এবিধ সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰে । এই সামগ্ৰীবিধৰ মূল্য ৩৫ হাজাৰ টকা । সামগ্ৰীবিধ যোগান ধৰে এটা বিশেষ প্ৰতিষ্ঠানে । পৰৱৰ্তী সময়ত এই সামগ্ৰীবিধ চিকিৎসকে বিক্ৰী কৰি দিয়ে প্ৰতিষ্ঠানটোকে ।  

এই সমগ্ৰ কাণ্ড পোহৰলৈ অহাৰ লগে লগে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ৰুবুল কলিতা নামৰ কৰ্মচাৰীজনক বৰ্খাস্ত কৰিছে হাস্পতাল কৰ্তৃপক্ষই । ইয়াৰোপৰি চিকিৎসক ডাঃ ধ্ৰুৱ দাস, ডাঃ নয়ন, ডাঃ মানস, চিকিৎসা কৰ্মী জয়ন্ত ডেকা, নীৰেণ ডেকা, হেমন্ত কলিতা আৰু অন্য এজন সহযোগীৰ বিৰুদ্ধে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।  

আনহাতে, অধীক্ষক ডাঃ শৰ্মাই এই ঘটনাৰ লগত জড়িত কোনো সাৰি যাব নোৱাৰিব বুলি মন্তব্য প্ৰকাশ কৰে । সকলোৰে ক্ষেত্ৰত বিহীত ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰে ডাঃ শৰ্মাই। । তেওঁ লগতে কয় যে, জি এম চি এইছৰ একাংশ অস্থায়ী কৰ্মচাৰীয়ে ৰাইজক প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা কৰে । প্ৰৱঞ্চনা কৰা এনে ২৬ অস্থায়ী কৰ্মচাৰীক ইতিমধ্যে কৰ্মৰ পৰা অব্যাহতি দিয়া হৈছে বুলি জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক: Fake police caught in Nagaon : আৰক্ষীৰ নামত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰিয়ালক ধন দাবী, শংকুমণি গোস্বামীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.