ETV Bharat / state

Fake police caught in Nagaon : আৰক্ষীৰ নামত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰিয়ালক ধন দাবী, শংকুমণি গোস্বামীক গ্ৰেপ্তাৰ

author img

By

Published : Feb 21, 2023, 3:13 PM IST

নগাঁও আৰক্ষীৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল যুৱক (Fake police arrested in Nagaon) । ড্ৰাগছ সৰবৰাহৰ অভিযুক্তৰ পৰিয়ালক আৰক্ষীৰ নামত দাবী ধমকিৰে ধন দাবীৰ অভিযোগ শংকুমণি গোস্বামীৰ বিৰুদ্ধে । নগদ ধনসহ গ্ৰেপ্তাৰ ধন দাবী কৰা যুৱক শংকুমণি গোস্বামীক ।

Fake police caught in Nagaon
আৰক্ষীৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ শংকুমণি গোস্বামী

অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষী

নগাঁও , 21 ফেব্ৰুৱাৰী : অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত ৰখাৰ সময়তে খোদ আৰক্ষীৰ নামতে ধন দাবী কৰিছে নগাঁৱৰ এজন যুৱকে । ড্ৰাগছৰ বিৰুদ্ধে শেহতীয়াকৈ নগাঁও আৰক্ষী কঠোৰ হোৱাৰ সময়ত ড্ৰাগছ সৰবৰাহৰ অভিযুক্ত পৰিয়ালৰ পৰাই নগাঁও আৰক্ষীৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল নগাঁৱৰ এজন যুৱক (Youth arrested for demanding money in the name of police ) । গ্ৰেপ্তাৰ হোৱা যুৱকজন নগাঁও চহৰৰ খুটিকটিয়াৰ শংকুমণি গোস্বামী বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহৰ অভিযোগত নগাঁও আৰক্ষীৰ জালত পৰিছিল মুনমুন হ'ক নামৰ এজন অধিবক্তা । নগাঁৱৰ বৰঘাটৰ পৰা নগাঁও চহৰ অভিমুখে ড্ৰাগছ লৈ আহি থকা অৱস্থাত নগাঁৱৰ ইটাচালি আৰক্ষীয়ে অভিযান চলাই প্ৰথমে অধিবক্তাজনৰ বাহন জব্দ কৰে আৰক্ষীয়ে । অধিবক্তাৰ বাহনত তালাচী চলাই নগাঁও আৰক্ষীয়ে নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে অধিবক্তা মুনমুন হ'কক আটক কৰিছিল । আৰক্ষীৰ অভিযান চলি থকাৰ সময়ত আন এখন বাহনত থকা আন এজন ড্ৰাগছ সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল ।

ধৃত অধিবক্তা মুনমুন হ'কৰ লগতে পলায়ন কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত ১৫০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ২১চি, ২৯ এন ডি পি এছ ত গোচৰ ৰুজু কৰি অধিবক্তাজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে পলায়ন কৰা আনজন অভিযুক্তৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছিল নগাঁও আৰক্ষীয়ে । এনে সময়তে ড্ৰাগছৰ গোচৰত পলায়ন কৰি থকা অভিযুক্তজনৰ পৰিয়ালৰ লোকক নগাঁও আৰক্ষীৰ নামত ধন দাবী কৰি হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে নগাঁৱৰ শংকুমণি গোস্বামী নামৰ যুৱকজনৰ বিৰুদ্ধে । অভিযুক্ত পৰিয়ালৰ লোকে নগাঁও আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰাৰ পিচত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰে অনুসন্ধান ।

নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই সোমবাৰে নিশা শংকুমণি গোস্বামী নামৰ যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । সোমবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে আৰক্ষীৰ নামত ধন দাবী কৰা অভিযোগত অভিযুক্ত শংকুমণি গোস্বামীৰ বাসগৃহত অভিযান চলাই নগদ ৬০ হাজাৰ টকা জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে শংকুমণি গোস্বামীক ।

লগতে পঢ়ক : Protest for inclusion of non bodo villages : ২৫ খনকৈ অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.