575th Birth anniversary of Sankardev: জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক আৰ্ৱিভাৱ তিথি

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 1:53 PM IST

thumbnail

যোৰহাট, 24 ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যত আজি উদযাপন কৰা হৈছে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক জন্মোৎসৱ । যোৰহাট জিলা বিভিন্ন প্ৰান্তত দুই-তিনিদিনীয়াকৈ উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ । আজি বিভিন্ন নামঘৰ, আধ্যাত্মিক স্থানৰ লগতে যোৰহাট দিচৈকাষ গাঁৱৰ নামঘৰত চাৰিদিনীয়াকৈ উদযাপন কৰা হৈছে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ ।

উক্ত অঞ্চলটোৰ প্ৰায় 12 খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ উদযাপন কৰিছে জন্মোৎসৱ । আজি দ্বিতীয় দিনা ভাগৱতসহ এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । এই শোভাযাত্ৰাত মহাপুৰুষজনাৰ সৃষ্টি ভাওনা, গায়ন-বায়ন আদি উপস্থাপন কৰা হয় । ভাগৱতসহ উলিওৱা ধৰ্মীয় শোভাযাত্ৰাই সমগ্ৰ অঞ্চলটো পৰিভ্ৰমণ কৰে আৰু ভক্তপ্ৰাণ ৰাইজে পদুলিয়ে পদুলিয়ে শৰাই লৈ ভাগৱতৰ আগত সেৱা লয় ।

ইফালে যোৰহাট জিলা অন্তৰ্গত ঢেঁকীয়াখোৱা বৰ নামঘৰ, মইনাপুৰীয়া নামঘৰ লগতে বিভিন্ন ধৰ্মীয় স্থানসমূহতো গুৰুজনা আৰ্ৱিভাৱ তিথি উপলক্ষে ভক্তপ্ৰাণ ৰাইজে ভীৰ কৰা পৰিলক্ষিত হয় ৷ ভকত-আইমাতৃসকলে গুৰুজনাৰ ওচৰত আৰ্শীষ লৈ সকলোৰে মংগলৰ হকে প্ৰাৰ্থনা কৰে ৷

গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে আজি ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত গুৰু বন্দনাৰে মুখৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ আনকি কিছু কিছু স্থানত নিশাৰ ভাগলৈ গুৰুজনা সৃষ্টি ভাওনাও প্ৰদৰ্শন কৰাৰ হ'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : 575th Birth anniversary of Sankardev: বৰপেটা সত্ৰত গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.