575th Birth anniversary of Sankardev: বৰপেটা সত্ৰত গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 9:57 AM IST

thumbnail

বৰপেটা, ২৪ ছেপ্টেম্বৰ : সত্ৰ নগৰী বৰপেটাকে মুখ্য কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিওজনা গুৰুৰ মিলনভূমি বৰপেটা জিলাৰ প্ৰায়বোৰ সত্ৰ নামঘৰতে আজি সত্ৰীয়া ৰীতি পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ পালন কৰা হৈছে ৷ বৰপেটা সত্ৰত সত্ৰীয় ৰীতি পৰম্পৰা অনুসৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ ৷

বৰপেটা সত্ৰত আজি গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে ভকত বৈষ্ণৱে পুৱাৰ প্ৰসংগত ভাগ লয় ৷ হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰে সত্ৰনগৰী বৰপেটাৰ চৌদিশ ৷ পুৱাৰ প্ৰসংগৰ লগতে কীৰ্তনঘৰত ঘোষা কীৰ্তন আদিও গোৱা হয় ৷ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকেও পুৱাৰ প্ৰসংগত অংশগ্ৰহণ কৰে ৷

সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ ভকত বৈষ্ণৱ, বাপ বান্ধৱ, আই মাতৃসকলে সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে ৷ গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ পৰা বৰপেটা চহৰৰ মাজেৰে ভকত বৈষ্ণৱৰ অংশগ্ৰহণেৰে এক ভাগৱত শোভাযাত্ৰা উলিওৱা হ’ব ৷

বৰপেটা সত্ৰৰ লগতে বৰপেটাৰোড শাখা সত্ৰ, পাটবাউসী সত্ৰ, গজিয়া সত্ৰ, জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ, গোমূৰা সত্ৰ, চেঙাৰ ভৰি ধোৱা ঘাটসত্ৰ আদিতো গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷

লগতে পঢ়ক : 35th Dhemaji District Day: 35 সংখ্যক ধেমাজি জিলা দিৱসৰ প্ৰস্তুতি সম্পৰ্কত উপায়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.