35th Dhemaji District Day: 35 সংখ্যক ধেমাজি জিলা দিৱসৰ প্ৰস্তুতি সম্পৰ্কত উপায়ুক্তৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 8:13 AM IST

thumbnail

ধেমাজি, 24 ছেপ্টেম্বৰ : অহা 1 অক্টোবৰত আয়োজন কৰা হৈছে 35 সংখ্যক ধেমাজি জিলাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷ বিগত বছৰৰ দৰে এইবেলিও ধেমাজিবাসীৰ সহযোগত ধেমাজি জিলা প্ৰশাসনে বিস্তৃত কাৰ্যসূচীৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত উদযাপনৰ বাবে আয়োজন কৰিছে ৷ সেয়ে শনিবাৰে বিয়লি ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে এক সংবাদমেল সম্বোধন কৰি জিলা প্ৰতিষ্ঠা দিৱসটি সাফল্যমণ্ডিত কৰা বাবে ধেমাজিবাসীৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰে ৷

এই ধেমাজি জিলা দিৱসৰ লগত সংগতি ৰাখি কেবাটাও কাৰ্যসূচী হাতত লৈছে ৷ ইয়াৰ ভিতৰত 28 ছেপ্টেম্বৰৰ দিনা ধেমাজি মহাবিদ্যালয়ত জিলা ভিত্তিত বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ লগতে উক্ত দিনাই চিমেন চাপৰিতো এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে ৷

এইবোৰৰ লগতে 29 ছেপ্টেম্বৰৰ দিনা জ্যেষ্ঠ লোকসকলৰ বাবে এক স্বাস্থ্য পৰীক্ষা শিবিৰ, 30 ছেপ্টেম্বৰৰ পুৱা হাফ মাৰাথন কাৰ্যসূচী ৰূপায়ণৰ মন মেলিছে জিলা প্ৰশাসনে ৷ সেই দিনাই হাফ মাৰাথনৰ পাচতে এক কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে জিলা আয়ুক্তগৰাকীয়ে ৷

এইবোৰৰ উপৰিও 1 অক্টোবৰ অৰ্থাৎ ধেমাজি জিলাৰ প্ৰতিষ্ঠা দিৱসৰ দিনা মহিলাসকলৰ মাজত এক বাইচাইকেল ৰেলীৰো আয়োজন কৰা হৈছে বুলি উক্ত সংবাদমেলত সদৰী কৰে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷

লগত পঢ়ক : Terrible road accident:জন্মদিনৰ পাৰ্টীলৈ যোৱাই কাল হ’ল বনজিৎ বৰ্মণৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.