Terrible road accident:জন্মদিনৰ পাৰ্টীলৈ যোৱাই কাল হ’ল বনজিৎ বৰ্মণৰ

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 10:51 PM IST

thumbnail

বঙাইগাঁও, 23 ছেপ্টেম্বৰ : বঙাইগাঁও চহৰৰ বৰপাৰা পাহৰতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন বাইক আৰোহী নিহত আৰু আন এজন গুৰুতৰভাৱে আহত ৷ জানিব পৰা মতে, জন্মদিনৰ পাৰ্টী কৰি উভতি আহিছিল ছয় বন্ধু একেলগে ৷ একেবাৰে আগত বাইকত আহি থকা দুজন দুৰ্ঘটনাত পতিত হয় ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, টাৰ্ণিং লওঁতেই বাইকৰ পৰা চুচৰি যায় দুয়ো, ঠিক সেই সময়তে মেজিক এখন খুন্দিয়াই অতি বেগেৰে সেই স্থানৰ পৰা আঁতৰি যায় ৷

মৃত্যু হোৱা যুৱক জন চিৰাং জিলাৰ বিজনী বল্লামগুৰীৰ বনজিৎ বৰ্মণ বুলি জানিব পৰা গৈছে ৷ আহতজনৰ নাম যাদৱ বৰ্মণ বুলি জানিবলৈ দিছে লগত যোৱা বন্ধুৱে ৷ উপস্থিত সকলে জনোৱা অনুসৰি বাইকত পিছফালৰ পৰা মেজিক এখনে খুন্দা মাৰিছিল ৷ আহত যুৱকজনক ইতিমধ্যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Tingkhong road accident: বিশ্বকৰ্মা পূজাৰ উল্লাসৰ মাজতে টিংখাঙত শোকাৱহ দুৰ্ঘটনা, থিতাতে নিহত 2

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.