HSLC examination 2023: নলবাৰীত মুঠ ১১৫৭০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে এইবাৰৰ মেট্ৰিকত

By

Published : Mar 3, 2023, 1:34 PM IST

thumbnail

নলবাৰী, ৩ মাৰ্চ : ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতিৰ আধাৰত আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে শিক্ষা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৩ (HSLC examination ২০২৩) । নলবাৰী জিলাত মুঠ ৩৫ টাকৈ পৰীক্ষা কেন্দ্ৰত ১১,৫৭০ গৰাকী পৰীক্ষাৰ্থীয়ে আজি অৱতীৰ্ণ হয় (35 examination centers set up in Nalbari for HSLC examination 2023) ।

নলবাৰীৰ বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত বড়িদতৰাৰ পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনটোৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱা পৰিলক্ষিত হয় । ইফালে পুৱা ৮ বজাৰ পৰাই নলবাৰী জিলাৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰতেই পৰীক্ষাৰ্থীৰ অভিভাৱকসকলে ভিৰ কৰা পৰিলক্ষিত হয় ।

ইয়াৰ মাজতে ঘগ্ৰাপাৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীৰ মাজত কলম বিতৰণ কৰে ক’ভিড যোদ্ধা নাচিকুৰ ৰহমানে । নতুন শিক্ষানীতিৰ অধীনত এইবাৰ অনুষ্ঠিত হোৱা ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞানসহ মুঠ চাৰিটা বিষয়ত অৱজেক্টিভ টাইপৰ প্ৰশ্ন ৫০ শতাংশ আৰু চাৱজেক্টিভ টাইপৰ প্ৰশ্ন ৫০ শতাংশ থাকিব ৷

লগতে এই চাৰিটা বিষয়ত দুখনকৈ বহীৰ ব্যৱস্থা কৰা হৈছে বুলি বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম কলিতাই জানিবলৈ দিয়ে । এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব বুলিও অধ্যক্ষগৰাকীয়ে মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক : HSLC examination starting today : মুঠ ৪,২২,১৭৪ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.