Crime news : নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত, মাটি খান্দি উদ্ধাৰ সোণৰ গহনা

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 12:23 PM IST

thumbnail

নগাওঁ, 17 অক্টোবৰ: নগাঁও আৰক্ষীৰ বৃহৎ সফলতা । নগাঁৱৰ মৰিকলঙত সংঘটিত ডকাইতিত জড়িত দুই কুখ্যাত ডকাইতক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুই ডকাইতক । নিশা নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই ডকাইত দুটাক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটক কৰা ডকাইত দুটা হৈছে মইনুল হক আৰু নৱাজ উদ্দীন । 

নিশা নগাঁও আৰক্ষীয়ে ছোট হয়বৰগাঁওত চলাইছিল অভিযান । এই অভিযানতে ছোট হয়বৰগাঁৱৰ পৰা প্ৰথমে মইনুল হকক আটক কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত নিশাটোৰ ভিতৰতে আৰক্ষীৰ দলটোৱে নৱাজ উদ্দিনক গুৱাহাটীৰ পৰা আটক কৰিবলৈ সক্ষম হয় । প্ৰথমে আটক কৰা মইনুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গুৱাহাটীত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় নৱাজ উদ্দিনক । নিশা আৰক্ষীৰ দলটোৱে মইনুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত চুৰি সামগ্ৰী বিচাৰি মাটি খান্দি অভিযান চলায় আৰু মইনুল হকৰ বাসগৃহৰ মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় সোণৰ বহু আ-অলংকাৰ । 

উল্লেখযোগ্য যে, মৰিকলং সেউজ নগৰৰ শিক্ষয়িত্ৰী অঞ্জুপ্ৰভা বৰাৰ ঘৰত সংঘটিত ডকাইতি কাণ্ডৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপন হৈছিল ধৃত ডকাইত দুটাৰ বিৰুদ্ধে ৷ 

লগতে পঢ়ক: Fire breaks out: নলবাৰীত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ২ লক্ষাধিক টকাৰ সা-সামগ্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.