Fire breaks out: নলবাৰীত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ২ লক্ষাধিক টকাৰ সা-সামগ্ৰী

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 7:13 AM IST

thumbnail

নলবাৰী, ১৭ অক্টোবৰ : নলবাৰীৰ মেৰুৱাট্টাৰীত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । মেৰুৱাট্টাৰীৰ ইনতাজ আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডটোত লোকজনৰ ৰান্ধনী ঘৰটো সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় । জানিব পৰা মতে, ইনতাজ আলীৰ বোৱাৰীয়েকে আহাৰ ৰান্ধি থকাৰ সময়তে এই জুইৰ সূত্ৰপাত হয় ৷ কিন্তু বোৱাৰীয়েকেও তলকিব নোৱাৰিলে জুইৰ আৰম্ভণি দৰাচলতে হ’ল ক’ৰ পৰা ? 

জুই লগাৰ কথা বিয়পি পৰাৰ লগে লগে স্থানীয় লোকে তৎপৰতাৰে জুই নিৰ্বাপন কৰে যদিও প্ৰায় ২ লাখ টকা মূল্যৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয় । স্থানীয় লোকে ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও অন্তিম অৱস্থাতহে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে । জুইৰ সূত্ৰপাতৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : Fire breaks out: ৰূপহীহাটৰ পশ্চিম শালপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.