Palnam at Majuli: শ্ৰীশ্ৰীআউনিআটী সত্ৰত পালনাম মহোৎসৱ

By

Published : Nov 16, 2022, 9:59 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

৩৬৯ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰীআউনিআটী সত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পালনাম মহোৎসৱ (Palanam Mahotsav at Majuli) । দিনে- নিশাই সত্ৰৰ বৈষ্ণৱসকলে নিৰৱচ্ছিন্নভাৱে পাল পাতি কৰা হৰিৰ নাম-কীৰ্তনেৰে মুখৰিত হৈছে সত্ৰখন (Palnam Mahotsav at Sri Sri Auniati Satra)। এই সত্ৰখনত পালনামত সেৱা ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটিছে । সত্ৰখনৰ পালনাম দ্বিতীয়গৰাকী সত্ৰাধিকাৰ কেশৱ দেৱ গোস্বামীৰ দিনৰে পৰা প্ৰচলন হৈ আহিছে (Satradhikar Keshav Dev Goswami)। পালনামত পূব, পশ্চিম আৰু উত্তৰ হাটীৰ ভকতসকলে পাল পাতি গাই গৈছে নাম । নামৰূপী নৌকাৰ সন্মুখত ভাগৱত স্থাপন কৰি এই নাম পৰিৱেশন কৰা পৰিলক্ষিত হয় ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.