পাঠান বিতৰ্ক সন্দৰ্ভত মুখ খুলি বিষবাষ্প বিয়পোৱা সকলক উচিত উত্তৰ দিলে শ্বাহৰুখে

By

Published : Jan 31, 2023, 2:08 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

চিটাৰা ডেস্ক, 31 জানুৱাৰী : মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল শ্বাহৰুখ অভিনীত পাঠান ৷ বিভিন্ন দল-সংগঠনে ছবিখনৰ প্ৰতিবাদত উত্তাল কৰি তুলিছিল পৰিৱেশ ৷ চিনেমা হল সমূহতো উদ্ভণ্ডালি কৰিছিল একাংশই ৷ কিন্তু শেহতীয়াকৈ মুক্তি পোৱাৰ পিছত ছবিখনে বলীউডৰ নক্সাই সলাই দিলে বুলি ক’ব পাৰি ৷ বক্স অফিচৰ উৰ্দ্ধতম গতিৰ সূচনা কৰিছে পাঠানে ৷ ছবিখনৰ মুক্তিৰ পূৰ্বে অভিনয় কৰা কোনো তাৰকাই বিতৰ্ক সন্দৰ্ভত কেতিয়াও একো মত দিয়া নাছিল ৷ এতিয়া ছবিখনৰ মুক্তিৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত এছ আৰ কেয়ে যিমান পাৰি সূক্ষ্মভাৱে এই বিতৰ্ক সন্দৰ্ভত নিজৰ মত আগবঢ়াইছে ।

সোমবাৰে মুম্বাইত নিৰ্মাতাসকলে পাঠানৰ সফলতাক কেন্দ্ৰ কৰি আয়োজন কৰা অনুষ্ঠানত শ্বাহৰুখে ছবিখনক কেন্দ্ৰ কৰি হোৱা বিতৰ্ক সন্দৰ্ভত নিজৰ মত ৰাখে । তেওঁ নিজকে আৰু অনুষ্ঠানটোত উপস্থিত থকা সহ অভিনেতা ক্ৰমে দীপিকা পাডুকন আৰু জন আব্ৰাহামক 1977 চনৰ মনমোহন দেশাইৰ ক্লাছিক ছবি ‘অমৰ আকবৰ এন্থনী’ৰ চৰিত্ৰৰ সৈতে তুলনা কৰে । শ্বাহৰুখ খানে ভাৰতৰ ঐক্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যক উজ্জ্বল কৰা সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷

সকলো কাম মনোৰঞ্জনৰ বাবেই কৰা হয় বুলি উল্লেখ কৰি শ্বাহৰুখে চিনেমাত বিভিন্ন চৰিত্ৰহে ৰূপায়ণ কৰে বুলি উল্লেখ কৰি কয় যে দৰাচলতে অভিনেতাসকল সেই চৰিত্ৰটোৰ দৰে নহয় ৷  চিনেমা মনোৰঞ্জনৰ বাবেই ৷ সেয়েহে ইয়াক বেছি গুৰুত্বসহকাৰে নল’বলৈ মানুহক অনুৰোধ জনায় অভিনেতাজনে ।

পাঠান মুক্তিৰ পূৰ্বে শ্বাহৰুখ অভিনীত ছবিখন বৰ্জনৰ অভিযান চলিছিল আৰু ছ’চিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে কিছুমান আপত্তিজনক শব্দ ব্যৱহাৰ কৰা হৈছিল । কিন্তু এই সকলোবোৰ নেওচি পাঠানে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্বজুৰি এছ আৰ কেৰ অনুৰাগীয়ে চাৰি বছৰৰ পাছত অভিনেতাজনক ছবি জগতলৈ উষ্ম আদৰণি জনাইছে । 

লগতে পঢ়ক : Shah Rukh Khan news: পাঠানৰ সফলতাৰ পিছত অনুৰাগীলৈ ফ্লায়িং কিছ বাদশ্বাহৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.