চাওক উৎকট গৰমত কিদৰে বাহিৰলৈ ওলাইছে বলীউড তাৰকা ? - bollywood celebs summer look

By ETV Bharat Assamese Team

Published : May 24, 2024, 5:20 PM IST

thumbnail
বলীউড তাৰকাৰ গ্ৰীষ্মকালীন লুক (ANI)

চিটাৰা ডেস্ক, 24 মে’ : ফচিলে আয়োজন কৰা পিতৃ দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ বন্ধু ৰাহুল দুৱাৰ সৈতে ওলাই যোৱাৰ সময়ত বলীউডৰ দুই বন্ধু বৰুণ ধৱন আৰু কৃতি সেনন পাপাৰাজ্জীৰ সৈতে মুখামুখি হয় । বাহিৰলৈ ওলাই যোৱাৰ বাবে দুয়োজনে গ্ৰীষ্মকালীন অনুকূল সাজ-পোছাক বাছি লয় । বৰুণক বেঙুনীয়া ৰঙৰ ফুলৰ প্ৰিন্টৰ চাৰ্ট পিন্ধা দেখা গৈছে ৷ আনহাতে কৃতিয়ে চিকচিকিয়া বগা পোছাক পিন্ধিছে । দুয়োজনে ষ্টাইলিছ লুকত ফটোৰ বাবে প’জো দিয়া দেখা গ’ল । তদুপৰি, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক বান্দ্ৰাত তেওঁলোকৰ নিৰ্মাণাধীন নতুন ঘৰ চাবলৈ যোৱা দেখা যায় । কিছুদিন পূৰ্বে ৰণবীৰৰ মাতৃ নীতু কাপুৰক প্ৰায় সাজু হোৱা নতুন ঘৰটো পৰিদৰ্শন কৰা দেখা গৈছিল ৷ আজি দুই তাৰকা স্বামী-স্ত্ৰীয়ে ঘৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় ৷ ৰণবীৰ আৰু আলিয়াই তেওঁলোকৰ ভ্ৰমণৰ বাবে আৰামদায়ক পোছাক বাছনি কৰি লৈছিল ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.