ETV Bharat / entertainment

মাটিল্ডা প্ৰি-ফাংশ্যনত চেলেব্ৰিটীৰ ফেশ্বন গেম - Nita Mukesh Ambani Cultural Centre

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 3:58 PM IST

bollywood celebs fashion statement: বৃহস্পতিবাৰে নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত মাটিল্ডাৰ উদ্বোধনী অনুষ্ঠানত শ্বানায়া কাপুৰ, ৰাশ্বা থাডানী, কোব্ৰা ছাইট, মীৰা ৰাজপুত আৰু আন বহুতো বি-টাউন চেলেব্ৰিটী উপস্থিত থাকে । অনুষ্ঠানটোত কোনে কি পিন্ধিছিল চাওক -

bollywood celebs fashion statement
চেলেব্ৰিটীৰ ফেশ্বন গেম (etv bharat)

চেলেব্ৰিটীৰ ফেশ্বন গেম (etv bharat)

চিটাৰা ডেস্ক, 17 মে’ : নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰই (NMACC) মাটিল্ডা দ্য মিউজিকেলৰ উদ্বোধনী অনুষ্ঠানৰ বাবে এক বিশেষ প্ৰি-ফাংশ্যন আয়োজন কৰে ৷ মাটিল্ডা দ্য মিউজিকেল এটা আন্তৰ্জাতিকভাৱে প্ৰশংসিত প্ৰযোজনা যাৰ অনুষ্ঠান প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব । মাটিল্ডা দ্য মিউজিকেলৰ প্ৰথম ভাৰতীয় প্ৰিমিয়াৰৰ বাবে প্ৰাক-ফাংশ্যন শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হৈছে ৷

বহু চেলেব্ৰিটী এই অনুষ্ঠানটোত উপস্থিত থাকে । শ্বানায়া কাপুৰ, ৰাশ্বা থাডানী, কুব্ৰা ছাইটৰ পৰা মীৰা ৰাজপুতলৈকে বলীউডৰ তাৰকাসকলে আকৰ্ষণীয় ফেশ্বন ষ্টেটমেণ্টৰে অনুষ্ঠানটোৰ শোভা বঢ়ায় ।

সঞ্জয় কাপুৰৰ জীয়ৰী শ্বানায়া কাপুৰ তেওঁৰ মাতৃ মহিপ কাপুৰৰ সৈতে এই প্ৰি-ফাংশ্যনটোত উপস্থিত থাকে । মাক-জীয়েকে বগা ৰঙৰ সাজেৰে টুইনিং কৰে, সকলোৰে দৃষ্টি আকৰ্ষণ কৰে তেওঁলোক ৷ মহিপে পৰিধান কৰে বগা ৰঙৰ গ্ৰীষ্মকালীন পোছাক, আনহাতে শ্বানায়াই এটা ডেনিম দীঘল স্কাৰ্ট আৰু বগা ক্ৰপ টপ পৰিধান কৰে । ভিতৰলৈ যোৱাৰ আগতে ফটোগ্ৰাফাৰসকলৰ বাবে দুয়োকে আকৰ্ষণীয় প’জ দিয়ে ।

একেদৰে, বলীউডৰ অভিনেত্ৰী ৰবীনা টেণ্ডনৰ জীয়ৰী ৰাশ্বা থাডানী, যি সোনকালেই বলীউডত আত্মপ্ৰকাশ কৰিব তেওঁকো প্ৰাক-অনুষ্ঠানটোত দেখা যায় । ৰাশ্বাই অৱ্ শ্ব’ল্ডাৰ ক'লা চাৰ্ট আৰু একেই ৰঙৰ জিন্স পৰিধান কৰে । ড্ৰেছটোৰ সৈতে ৰাশ্বাই এটা মসৃণ পনিটেইল বান্ধে আৰু ফটোগ্ৰাফাৰসকলৰ বাবে প’জ দিয়ে ৷

অনুষ্ঠানটোত উপস্থিত থকাৰ সময়ত কুব্ৰা ছাইটক ষ্টাইলিছ ৰূপত দেখা যায় । বলীউডৰ অভিনেতা শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতেও এই প্ৰি-ফাংশ্যনত অংশ লয় । বগা ক্ৰপ টপ আৰু নীলা ট্ৰাউজাৰ আৰু একেই ৰঙৰ জেকেট পিন্ধা মীৰাক আকৰ্ষণীয় ৰূপত দেখা যায় । ন্যূনতম মেকআপ পৰিধান কৰে তেওঁ ৷

লগতে পঢ়ক : উচ্চ-স্তৰৰ ফেশ্বন ব্ৰেণ্ড মুকলি, তাৰকাৰ ফেশ্বন ষ্টেটমেণ্ট চাওক - bollywood celebs fashion statement

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.