ETV Bharat / health

কন্যাকুমাৰীত ধ্যানমগ্ন প্ৰধানমন্ত্ৰী : জানক ধ্যান কৰাৰ ৫টা আচৰিত উপকাৰিতা - Benefits Of Meditation

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 5:23 PM IST

Benefits Of Meditation: ভাৰতত ধ্যান-ধাৰণাৰ ইতিহাস অতি পুৰণি । আয়ুৰ্বেদৰ লগতে বিজ্ঞানেও ধ্যান কৰাৰ উপকাৰিতাৰ কথা নিশ্চিত কৰিছে । আনহাতে নিৰ্বাচনৰ বতাহ বলি থকাৰ মাজতে এতিয়া সাধুৰ ৰূপত ধ্যানত বহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ পিচে বহুলোকে হয়তো নাজানে যে ধ্যানৰ উপকাৰিতা কিমান ৷ আজি এই বিষয়েই জানো আহক-

PM Modi will meditate in Kanyakumari for two days, know 5 amazing benefits of sitting in meditation posture
কন্যাকুমাৰীত ধ্যানমগ্ন প্ৰধানমন্ত্ৰী মোদী; জানক ধ্যানত বহাৰ ৫টা আচৰিত উপকাৰিতা (TWITTER)

লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে বৰ্তমান সকলোৱে অতি আগ্ৰহেৰে বাট চাই আছে ৷ আজি সপ্তম পৰ্যায় নিৰ্বাচন আৰু 4 জুনত ভাগ্য নিৰ্ণয় হ’ব নিৰ্বাচনী প্ৰতিদ্বন্দ্বীসকলৰ ৷ পুৱা ৮ বজাত সমগ্ৰ দেশতেই আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ ভোটগণনা । তাৰ মাজতে এতিয়া চৰ্চালাভ কৰিছে এটি বিশেষ খবৰে ৷

দেশত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া দুদিন ধৰি ধ্যান কৰিবলৈ কন্যাকুমাৰীৰ বিবেকানন্দ শিলাস্মাৰকলৈ(বিবেকানন্দ ৰক মেম'ৰিয়েল) গৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ধ্যান-ধাৰণাত মগ্ন হ’বলৈ যোৱাটো এয়া প্ৰথম নহয় ৷ প্ৰধানমন্ত্ৰী মোদীক বহুবাৰ ধ্যান কৰা দেখা গৈছে ৷

মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে ধ্যান-ধাৰণা অতি গুৰুত্বপূৰ্ণ ৷ ব্যস্ততাৰে ভৰা এই জীৱনত মানসিক চাপ বৃদ্ধি পোৱাটো তেনেই সাধাৰণ ৷ কামৰ বোজা, সম্পৰ্কৰ জটিলতা, ভৱিষ্যতৰ চিন্তা – এই সকলোবোৰে আমাৰ মানসিক ভাৰসাম্য বিনষ্ট কৰে ৷ কিন্তু ধ্যান-ধাৰণাৰ সুফল কেৱল মানসিক চাপ কমোৱাতে সীমাৱদ্ধ নহয় ৷ ধ্যান-ধাৰণাই হৃদৰোগৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধতো সহায় কৰে ৷ সেয়ে আজি আমি আপোনালোকক এই প্ৰতিবেদনৰ জৰিয়তে ধ্যান-ধাৰণাৰ এনে কিছুমান উপকাৰিতাৰ বিষয়ে ক’বলৈ ওলাইছো যি হয়তো আপোনাৰ বাবে অতি লাভদায়ক হ’ব ৷

  • মনক শান্ত কৰে

ধ্যান-ধাৰণাৰ আটাইতকৈ ডাঙৰ লাভ হ’ল মনৰ শান্তি ৷ ধ্যান কৰোতে আমি আমাৰ চিন্তাবোৰক প্ৰবাহিত হ’বলৈ দিওঁ, বন্ধ হ’বলৈ নিদিওঁ ৷ ইয়াৰ ফলত মন শান্ত হয় আৰু মানসিক চাপ কম হয় ৷ নিয়মীয়া ধ্যান কৰিলেও উদ্বেগ, অস্থিৰতা আৰু হতাশা আদি সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷

  • একাগ্ৰতা বৃদ্ধি কৰে

আজিৰ ডিজিটেল যুগত আমাৰ মনোযোগ সকলো ঠাইৰ পৰা বিচলিত হৈয়েই থাকে ৷ এনে পৰিস্থিতিত একে ঠাইত মনোনিৱেশ কৰাটো কঠিন হৈ পৰে ৷ গতিকে একাগ্ৰতা বৃদ্ধিৰ বাবে ধ্যান কৰাটো অতি জৰুৰী ৷

  • নিদ্ৰাৰ মানদণ্ড উন্নত কৰে

আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে সঠিক পৰিমাণৰ টোপনি অতি প্ৰয়োজনীয় ৷ কিন্তু বহু সময়ত মানসিক চাপ আৰু বিভিন্ন ধৰণৰ সমস্যাৰ বাবে আমি শুব নোৱাৰো ৷ এনে পৰিস্থিতিত ধ্যানে আমাক যথেষ্ট সহায় কৰিব পাৰে ৷ ইয়াৰ ফলত মন শান্ত হয় আৰু মানসিক চাপ কমি যায়, যাৰ ফলত টোপনিৰ মান উন্নত হয় আৰু ৰাতি ভাল টোপনি অহাত সহায় কৰে ৷

  • ৰক্তচাপ নিয়ন্ত্ৰণত থাকে

মানসিক চাপৰ বাবে ৰক্তচাপ বৃদ্ধি হোৱাটো এটা সাধাৰণ সমস্যা ৷ এনে পৰিস্থিতিত ধ্যান-ধাৰণাৰ ফলত মানসিক চাপ হ্ৰাস পায়, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ ইয়াৰ উপৰিও ধ্যান কৰাৰ ফলত হৃদস্পন্দনো স্বাভাৱিক হৈ থাকে ৷

  • আত্মবিশ্বাস বৃদ্ধি হয়

ধ্যান-ধাৰণাই আমাক নিজকে বুজিবলৈ সহায় কৰে ৷ আমি আমাৰ চিন্তা আৰু অনুভৱবোৰ ভালদৰে চিনি পাবলৈ সক্ষম হও ৷ ইয়াৰ ফলত আমাৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু জীৱনত আমি প্ৰত্যাহ্বানৰ সৈতে সন্মুখীন হ’বলৈ অধিক সক্ষম হও ৷

লগতে পঢ়ক: কন্যাকুমাৰীত ধ্যানমগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - PM Modi Begins Dhyan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.