ETV Bharat / state

আজিও পৰিত্যক্ত ভাৰতীয় চাহৰ পিতৃপুৰুষ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধি - Indian tea industry

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:14 PM IST

Charles Alexander Bruce : চাহক লৈ অসমে গৌৰৱ কৰে । চাহ হৈছে অসমৰ মান । আনহাতে, এই চাহৰ জৰিয়তে অসম লাভ কৰিছে জগতজোৰা খ্যাতি । কিন্তু অসমৰ এই চাহক কোনে আজিৰ পৰ্যায়লৈ অনাত অহোপুৰুষাৰ্থ কৰিছিল ? অসমৰ চাহ উদ্যোগৰ বাটকটীয়া এইগৰাকী ব্যক্তিক আমি কিমানে জানো ? এইখন অসমতে তেওঁৰ সমাধি আছে যদিও আজিও অনাদৃত-অৱহেলিত । এই সন্দৰ্ভত ইটিভি অসমৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ।

Charles Alexander Bruce
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধি (ETV Bharat Assam)

তেজপুৰ, ২৪ মে' : অসমৰ চাহ উদ্যোগে ২০০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে । কিন্তু অসমৰ এই চাহক কোনে আজিৰ অৱস্থালৈ আনিছিল জানেনে ? কেৱল অসমেই নহয়, ভাৰতত চাহ উদ্যোগৰ জনক হৈছে এইগৰাকী ব্যক্তি । কিন্তু যিটো সময়ত অসম তথা ভাৰতৰ চাহ উদ্যোগে বিশ্ব জিনিছে, অসমৰ চাহে ইটোৰ পিচত সিটো সফলতাৰ মাইলৰ খুঁটি স্পৰ্শ কৰিছে, তেনে সময়ত এইগৰাকী চাহৰ ভৱিষ্যদৰ্শীক আমি কিমান সন্মান প্ৰদান কৰিছো ? এক কথাত ক'বলৈ গ'লে সন্মান প্ৰদৰ্শন কৰাটো দূৰৈৰে কথা, এই চাহগছক বিশ্বমুখী কৰা তথা বিশ্বৰ দৰবাৰত ইয়াক প্ৰতিষ্ঠা কৰা চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক যেন আমি সকলোৱে পাহৰি গৈছো ।

তেজপুৰত পৰিত্যক্ত অৱস্থাত আছে ভাৰতীয় চাহৰ পিতৃপুৰুষ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধি (ETV Bharat Assam)

চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ কোন

চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ আছিল এগৰাকী স্কটিছ অভিযাত্ৰী, বণিক আৰু বংগ আৰ্টিলাৰীৰ প্ৰাক্তন মেজৰ ৰবাৰ্ট ব্ৰুচৰ ভাতৃ । চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ 1871 চনত তেজপুৰত মৃত্যু হয় । অৱশ্যে মৃত্যুৰ তাৰিখ 23 সংখ্যাটোহে স্পষ্ট, চনটো সঠিকভাৱে ধৰিব পৰা অৱস্থাত নাই । লগতে তেওঁৰ সমাধি আজিও তেজপুৰ ব্ৰিটিছ চিমেট্রিত পৰিত্যক্ত অৱস্থাত আছে ।

আনহাতে, এইগৰাকী মহান ব্যক্তিৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছিল যদিও বৰ্তমান সেইটোও অৱহেলিত হৈ ৰৈছে । লগতে সংৰক্ষণৰ অভাৱত তেজপুৰ পদুম পুখুৰী পার্কত ক্ষয় যোৱাৰ উপক্ৰম ঘটিছে । অৱশ্যে সুখৰ কথা যে এই চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধিৰ চিনস্বৰূপ শোণিতপুৰ জিলাৰ প্ৰতাপগড় চাহ বাগিচাত কিছু সংৰক্ষণ কৰা আছে বুলি জানিব পৰা যায় ।

চাহ কোনে আবিষ্কাৰ কৰিছিল

অসমৰ চাহৰ বাটকটীয়া চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ হ'লেও ইয়াৰ আৱিষ্কাৰক কিন্তু তেওঁ নহয় । তেওঁৰ পূৰ্বে ১৮২২ চনত প্ৰথমতে তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰবাৰ্ট ব্ৰুচে মণিৰাম দেৱানৰ পৰা জানিব পাৰিছিল যে চিংফৌ জনগোষ্ঠীৰ লোকসকলে চাহ খেতি কৰে । অৱশ্যে সেই সময়ত এই কথা সকলোৱে জনা নাছিল । ১৮২৩ চনত গড়গাঁৱত ব্যৱসায় কৰি থাকোঁতে তেওঁ এজন চিংফৌৰ মুখীয়াল লোকক লগ পায় । তেৱেঁই এই চাহগছৰ নমুনা যোগান ধৰিবলৈ ইচ্ছুক হৈছিল । চিংফৌৰ মুখীয়ালজন আছিল বিছা গাম । কিন্তু ইয়াৰ কিছু সময়ৰ পিচতে ১৮২৪ চনত ৰবাৰ্ট ব্ৰুচৰ মৃত্যু হয় ।

অসমৰ চাহৰ উত্থান

পৰৱৰ্তী সময়ত এই চাহগছৰ নমুনাবোৰ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ওচৰলৈ পঠোৱা হয় । তাৰ পিচত ইয়াক অসমৰ আয়ুক্ত ডেভিদ স্কটৰ ওচৰলৈ পঠিওৱা হয় । সেইবাবেই ব্ৰিটিছ পক্ষৰ পৰা অসমত চাহ খেতিৰ আৰম্ভণিৰ কৃতিত্ব চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক দিয়া হয়, যিটো তেওঁৰ ১৮৩০ চনৰ কাৰ্যকলাপৰ আধাৰত সম্পন্ন হয় । ভাৰতীয় চাহ আৱিষ্কাৰ কৰা ৰবাৰ্ট ব্ৰুচ এগৰাকী স্কটিছ বণিক আৰু বংগ আৰ্টিলাৰীৰ প্ৰাক্তন মেজৰ আছিল । ১৮২২ চনত তেওঁ অসমত উপস্থিত হয় । কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অকৰ্তৃত্বশীল ব্ৰিটিছক এনে কাম-কাজ স্পষ্টভাৱে নিষিদ্ধ কৰাৰ সময়ত ব্ৰুচে ভাৰতত ব্যৱসায়ৰ লগতে আৰু কি কৰি আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । তথাপিও তেওঁৰ ভাগ্যৰ এই পৰিৱৰ্তনে স্কটিছগৰাকীক প্ৰায় অতুলনীয় খ্যাতিৰে অসমৰ চাহৰ পথ প্ৰদৰ্শক হিচাপে আত্মপ্ৰকাশ কৰা দেখা গৈছিল বুলি জানিব পৰা যায় ।

অসমৰ চাহৰ উত্তৰণ

১৮২৩ চনত ব্ৰুচে এক বিশেষ উদ্দেশ্যৰে অসমৰ আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰলৈ ভ্ৰমণ কৰিছিল । তেওঁৰ উদ্দেশ্য আছিল অঞ্চলটোৰ অন্যতম প্ৰধান জনগোষ্ঠী চিংফৌসকলৰ প্ৰধান বিছা গামক সাক্ষাৎ কৰা । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এনে উদ্যোগৰ বাবে তেওঁৰ ধাৰণা আছিল আৰু অঞ্চলটোৰ থলুৱা উদ্ভিদৰ অৰ্থাৎ আজিৰ চাহগছৰ বিষয়ে অধিক জ্ঞান সংগ্ৰহ কৰিব বিচাৰিছিল । পৰৱৰ্তী সময়ত মণিৰাম দত্ত বৰুৱা দেৱান নামৰ এজন থলুৱা সম্ভ্ৰান্ত ব্যক্তিয়ে প্ৰদান কৰা গুৰুত্বপূৰ্ণ তথ্যই ৰবাৰ্ট ব্ৰুচক এই যাত্ৰাৰ প্ৰেৰণা যোগাইছিল । তেওঁ অসমলৈ আহি পোৱাৰ লগে লগে ৰবাৰ্টে চিংফৌ জনগোষ্ঠীয়ে চীনৰ কেমেলিয়া চাইনেন্সিছ ভাৰ চাইনেন্সিছৰ সৈতে এক অলৌকিক সাদৃশ্য থকা এটা অজ্ঞাত নমুনাৰ পাত পানীয় হিচাপে সেৱন কৰি থকা দেখিছিল । ৰবাৰ্ট ব্ৰুচে উপলব্ধি কৰিলে যে যদিহে ই এক ভিন্ন প্ৰকাৰৰ চাহ বুলি প্ৰমাণিত হয়, তেন্তে ব্ৰিটেইনৰ প্ৰয়োজনীয়তাসমূহ প্ৰথমতে কল্পনা কৰাতকৈ বহু বেছি সহজে পূৰণ কৰিব পৰা যাব । কিন্তু এয়া আছিল আৰম্ভণি আৰু পৰৱৰ্তী সময়ত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে এই চাহগছ এবিধ সতেজ পানীয় হিচাপে আৱিষ্কাৰ কৰে ।

চিংফৌসকলৰ চাহৰ প্ৰজাতি আৰু বৰ্তমানৰ চাহ

চিংফৌসকলে যি চাহগছ ৰোপণ কৰিছিল, সেয়া বহু ওখ প্ৰজাতিৰ এক বনৰীয়া উদ্ভিদ বুলি খ্যাত । কাৰণ সেই উদ্ভিদবিধৰ পাত ছিঙিবলৈ সেই সময়ত হাতীত উঠিব লাগিছিল । পৰৱৰ্তী সময়ত চাৰ্লছ ব্ৰুচৰ প্ৰচেষ্টাত ইয়াক বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে ৰোপণ কৰা হয় । সেই উদ্ভিদবিধে আজিৰ সতেজ পানীয় চাহ হিচাপে ব্যৱহাৰ কৰা হৈছে । বৰ্তমান অসমৰ চাহে সমগ্ৰ বিশ্বতে এক উল্লেখনীয় অৱদান আগবঢ়াই আহিছে । অসমৰ চাহ বহু বেদেশী ৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয় আৰু বুজন পৰিমাণৰ লাভালাভ হৈছে । কিন্তু দুখৰ কথা যে এই বৃহৎ চাহ উদ্যোগৰ প্ৰতিষ্ঠাপকগৰাকী তেওঁৰ কৰ্মস্থলীতে আজি এলাগী হৈ আছে । যদিহে চৰকাৰ বিশেষ গুৰুত্ব প্ৰদান নকৰে, তেন্তে কিছুদিনৰ পিছত হয়তো তেওঁৰ সমাধিৰ ভগ্নাৱশেষসমূহো বিচাৰি পোৱা নাযাব ।

লগতে পঢ়ক :বন্ধ হ’ব ৰাজ্যৰ 200 টা বটলিফ ফেক্টৰী: গভীৰ সংকটৰ দিশে অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগ - Small Tea Gardens In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.