ETV Bharat / entertainment

Shah Rukh Khan news: পাঠানৰ সফলতাৰ পিছত অনুৰাগীলৈ ফ্লায়িং কিছ বাদশ্বাহৰ

author img

By

Published : Jan 30, 2023, 1:53 PM IST

শ্বাহৰুখ খানে দেওবাৰে তেওঁৰ ঘৰ মন্নতৰ বাহিৰত সমবেত হোৱা অনুৰাগীসকলক বেলকনিৰ পৰা শুভেচ্ছা জনাই ৷ 'পাঠান'ৰ বক্স অফিচ সফলতাৰ পিছত তেওঁলোকলৈ মৰমৰ চুমা যাচে শ্বাহৰুখে ৷

Shah Rukh Khan
অনুৰাগীক সম্ভাষণ জনোৱাৰ মুহূৰ্তত শ্বাহৰুখ

চিটাৰা ডেস্ক, 30 জানুৱাৰী : 'পাঠান' ছবিখনে বক্স অফিচত ব্যাপক সফলতা লাভ কৰাৰ পিছত দেওবাৰে শ্বাহৰুখৰ বাসগৃহ ‘মন্নত’ৰ বাহিৰত ভিৰ কৰিলেহি অসংখ্য অনুৰাগীয়ে ৷ অনুৰাগীক সম্ভাষণ জনাবলৈ বেলকনিলৈ ওলাই আহে কিং খান ৷ উপস্থিত হোৱা সকলো অনুৰাগীকে হাত জোকাৰি সম্ভাষণ জনাই তেওঁলোকলৈ মৰমৰ চুমা যাচে অভিনেতাজনে (Shah Rukh Khan news) । চাৰি বছৰ অপেক্ষাৰ অন্তত পুনৰ ৰূপালী পৰ্দাত নিজৰ প্ৰিয় চুপাৰষ্টাৰ গৰাকীক দেখি উৎফুল্লিত হৈ পৰিছে অনুৰাগীসকল ৷

শ্বাহৰুখৰ এই সফলতাৰ আঁৰত অনুৰাগীসকলেই একমাত্ৰ কাৰক বুলি নিশ্চয়কৈ অনুভৱ কৰে বাদশ্বাহে ৷ দেওবাৰে সন্ধিয়া ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ ঘৰৰ বেলকনিলৈ ওলাই আহি অনুৰাগীসকলক সম্ভাষণ জনাই আচৰিত কৰি তোলে (Shah Rukh Khan video) !

অনুৰাগীক সম্ভাষণ জনোৱাৰ মুহূৰ্তত শ্বাহৰুখ

শ্বাহৰুখ খানে পিন্ধিছিল সম্পূৰ্ণ ক’লা ৰঙৰ সাজ-পোছাক । বিভিন্ন চহৰৰ পৰা অহা শ্বাহৰুখৰ Die-hard অনুৰাগী সকলে পুৱাৰ পৰাই শাৰী পাতি তাৰকা গৰাকীক নিজৰ বিশেষ বিশেষ ধৰণেৰে শুভেচ্ছা জনায় ।

‘পাঠান’ৰ কথা ক’বলৈ গ’লে এই ছবিখন আদিত্য চোপ্ৰাৰ অভিলাষী চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডৰ অংশ আৰু দেশৰ জনপ্ৰিয় চুপাৰষ্টাৰ শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহামে ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত ডিম্পল কাপাদিয়া আৰু আশুতোষ ৰানায়ো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ইয়াৰ লগতে অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে ছবিখনত সুদৰ্শন অভিনেতা দিগন্ত হাজৰিকাই অভিনয় কৰিছে ৷

সিদ্ধাৰ্থ আনন্দৰ নেতৃত্বত আৰু যশ ৰাজ ফিল্মছৰ প্ৰযোজনাত নিৰ্মাণ হোৱা ‘পাঠান’ চলিত বৰ্ষৰ চনৰ গণৰাজ্য দিৱসৰ এদিন পূৰ্বে 25 জানুৱাৰীত হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি লাভ কৰিছিল ।

  • Mehmaan Nawaazi Pathaan ke ghar par… Thank u all my Mehmaans for making my Sunday so full of love. Grateful. Happy. Loved. pic.twitter.com/ivfpK07Vus

    — Shah Rukh Khan (@iamsrk) January 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে ‘পাঠান’ এ বিশ্বজুৰি 429 কোটি টকা অৰ্জন কৰিছে । ভাৰতত 265 কোটি আৰু বহিঃৰাজ্যত 164 কোটি টকা উপাৰ্জন কৰিছে । ‘পাঠান’ এ দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে আৰু বিশ্বজুৰি থকা শ্বাহৰুখৰ অনুৰাগীয়ে চাৰি বছৰৰ পাছত অভিনেতা গৰাকীক চিনেমালৈ উষ্ম আদৰণি জনাইছে । ছবিখনে মুকলিৰ দিনা 100 কোটি টকা অৰ্জন কৰা ছবিৰ তালিকাতো প্ৰৱেশ কৰে ।

মুকলি দিয়া সপ্তাহান্তৰ অভিলেখৰ সৈতে ‘পাঠান’ এ দুটা নতুন কৃতিত্বও সৃষ্টি কৰিলে - বিশ্বজুৰি 300 কোটি টকাৰ দুৱাৰ খোলা আটাইতকৈ দ্ৰুততম হিন্দী ছবি আৰু দ্বিতীয়তে, আৰম্ভণিৰ সপ্তাহান্তত 300 কোটিৰো অধিক উপাৰ্জন কৰা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক : Pathaan box office day 5 estimates: ঘৰুৱাভাৱে 250 কোটি টকা অতিক্ৰম কৰাৰ দিশে দ্ৰুতগতিত কিং খানৰ ছবিখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.