প্ৰৱল ধুমুহা-বৃষ্টিপাতত বিস্তৰ ক্ষতিসাধন, ব্যাহত বিদ্যুৎ যোগান - Storm wreak havoc in Moran

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:28 PM IST

thumbnail
ধুমুহা-বৃষ্টিপাতত বিস্তৰ ক্ষতিসাধন (ETV BHARAT ASSAM)

মৰাণ, 24 মে’ : উৎকট গৰমৰ মাজতে ধুমুহা, বৰষুণৰ তাণ্ডৱ ৷ ধুমুহাত গৃহহীন কেইবাটাও পৰিয়াল ৷ ধুমুহাই বাসগৃহৰ উপৰিও শাক-পাচলিৰ বাৰীৰ ক্ষতিসাধন কৰে ৷ লগতে ব্যাহত হৈছে বিদ্যুৎ যোগান ৷ 

শুকুৰবাৰে পুৱতি নিশা অহা এজাক প্ৰৱল ধুমুহা আৰু বৃষ্টিপাতৰ ফলত ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত গজপুৰীয়া অঞ্চলৰ কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ ধুমুহাই কেইবাটাও পৰিয়ালৰ বাসগৃহৰ টিন উৰুৱাই নিয়াৰ ফলত গৃহহীন হৈ পৰিছে পৰিয়ালসমূহ ৷  

পুৱতি নিশা অহা ধুমুহাজাকত 1 নং গজপুৰীয়াৰ বহুসংখ্যক পৰিয়ালৰ বাসগৃহৰ লগতে বাৰীৰ মূল্যবান গছ-গছনি, শাক-পাচলিৰ বিস্তৰ ক্ষতিসাধন হয় ৷ গছ বাগৰি বৈদ্যুতিক তাঁৰ ছিগি যোৱাৰ ফলত সমগ্ৰ অঞ্চলটোতে পুৱাৰে পৰা বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে ৷

লগতে পঢ়ক : উৎকট গৰম : শুকুৰবাৰে গুৱাহাটীত বছৰটোৰ সৰ্ব্বোচ্চ তাপমাত্ৰা - Weather Forecast Of Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.