National Yogasana Sports Championship: ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপত তিনিটাকৈ পদক আজুৰিলে যুক্তা বৰাই

By

Published : Feb 1, 2023, 3:35 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নিউজ ডেস্ক,১ ফেব্ৰুৱাৰী: সম্পন্ন হ'ল ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২২-২৩(National Yogasana Sports Championship 2022-23) । দেশৰ কেইবাখনো ৰাজ্যই অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত বিশেষ সফলতা অৰ্জন কৰিলে অসম দলে । কেইবাটাও শাখাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনিত অসমৰ খেলুৱৈসকলে কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হয় । লগতে অসমৰ দলটোৱে লাভ কৰিলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা(Assam won 2nd position in National Yogasana Sports Championship) । 

ইফালে এই ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপত বিশেষ পদৰ্শন আগবঢ়াই নগাঁৱৰ পুৰণিগুদামৰ যুক্তা বৰাই(Jukta Bora of Nagaon won three medals) । যুক্তা বৰাই লাভ কৰিলে তিনিটাকৈ পদক । আৰ্টিষ্টিক যোগাত ৰূপৰ পদক, ৰিডমিক পেয়াৰ আৰু আৰ্টিষ্টিক গ্ৰুপত ব্ৰঞ্জৰ পদক অৰ্জন কৰি যুক্তা বৰাই গৌৰৱ কঢ়িয়াই আনিলে নিজৰ অঞ্চলৰ লগতে ৰাজ্যলৈ । 

ভাৰতৰ ২৭ খন ৰাজ্যই অংশগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমৰ দলটোৰ পৰা আন কেইবাগৰাকী খেলুৱৈয়েও লাভ কৰে কেইবাটাও পদক । অসমৰ দলটোৰ পৰা বিপঞ্চী বৰাই লাভ কৰে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক । সমান্তৰালভাৱে দলটোৰ পৰা ব্ৰঞ্জৰ পদক লাভ কৰে মিতালী শৰ্মা, শুভাশীষ বালা, জ্ঞানদ্বীপ শইকীয়া, প্ৰেৰণা সিং, শিভাংশ ত্ৰিপাঠী, শ্যাম তিৱাৰী, মানস চাহু আৰু অৰ্পিত কুমাৰে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা । প্ৰতিযোগিতাখনিত অসমৰ হৈ অংশগ্ৰহণ কৰিছিল ২০ গৰাকী খেলুৱৈয়ে । 

উল্লেখ্য যে ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২২-২৩ ত তিনিটাকৈ পদক অৰ্জন কৰা যুক্তা বৰাই ইয়াৰ পূৰ্বেও কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ বলত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । প্ৰায় ৭ বছৰ বয়সৰ পৰা যোগাসনৰ লগত জৰিত হৈ থকা উদীয়মান খেলুৱৈগৰাকীয়ে অসম যোগাসন স্পৰ্টচছ এছোচিয়েচনৰ উদ্যোগত ২০২১ চনত আয়োজিত আন্তঃজিলা যোগাসন প্ৰতিযোগিতাত চিনিয়ৰ ছোৱালী শাখাত প্ৰথম স্থান লাভ কৰাৰ লগতে যোগ সম্ৰাজ্ঞী খিতাপ লাভ কৰিছিল । 

লগতে পঢ়ক: Ground water crisis in Guwahati: শেষ হ’ল ভূগৰ্ভৰ ৭০ শতাংশ পানী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.