ETV Bharat / state

Ground water crisis in Guwahati: শেষ হ’ল ভূগৰ্ভৰ ৭০ শতাংশ পানী

author img

By

Published : Feb 1, 2023, 7:38 AM IST

ভয়ংকৰ জল সংকটৰ দিশে আগবাঢ়িছে গুৱাহাটী ! শীঘ্ৰেই সম্পূৰ্ণ ৰূপে শেষ হ’ব পাৰে মহানগৰীৰ ভূ-গৰ্ভৰ জলভাণ্ডাৰ (Guwahati will face water crisis) ৷ কিয়নো ইতিমধ্যেই শেষ হৈছে ভূগৰ্ভৰ ৭০ শতাংশ পানী ৷

Terrible water crisis in Guwahati
ভয়ংকৰ জল সংকটৰ দিশে আগবাঢ়িছে গুৱাহাটী

গুৱাহাটী, 1 ফেব্ৰুৱাৰী: এতিয়াৰে পৰা হয়তো বছৰৰ ছমাহতকৈ বেছি খোৱাপানীৰ সংকটত ভুগিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে ৷ তীব্ৰ জলসংকটৰ দিশে আগবাঢ়িছে গুৱাহাটী মহানগৰবাসী ৷ কাৰণ দীৰ্ঘদিন ধৰি আশংকা কৰি অহাৰ দৰেই দ্ৰুত গতিত শুকাব ধৰিছে গুৱাহাটী মহানগৰীৰ ভূ-গৰ্ভৰ জলভণ্ডাৰ ৷ মানুহে উলিয়াই শেষ কৰাৰ পথত গুৱাহাটী মহানগৰীৰ ভূ-গৰ্ভৰ জলভাণ্ডাৰ ৷

ভূ-গৰ্ভৰ ৭০ % পানী খৰচ কৰি শেষ কৰিলে গুৱাহাটীবাসীয়ে (Water Crisis in Guwahati) ৷ যিমানেই দ্ৰুত হাৰত গুৱাহাটী মহানগৰৰ পৰিসৰ বৃদ্ধি হৈছে সিমানেই প্ৰদূষণ আৰু জলসংকট বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত ৷ সিমানেই শুকাব ধৰিছে মহানগৰীখনৰ ভূ-গৰ্ভৰ জলস্তৰ । ইতিমধ্যেই গুৱাহাটীবাসীয়ে ভূ-গৰ্ভৰ জলভাণ্ডাৰৰ পৰা উলিয়াই শেষ কৰিলে ৭০ শতাংশ পানী ৷

Terrible water crisis in Guwahati
ভয়ংকৰ জল সংকটৰ দিশে আগবাঢ়িছে গুৱাহাটী

অৰ্থাৎ গুৱাহাটীৰ ভূ-গৰ্ভত ভৱিষ্যতৰ বাবে জমা আছে মাত্ৰ ৩০ শতাংশ পানী ৷ ছেমি ক্ৰিটিকেল জ’নত (Semi Critical Zone) অন্তৰ্ভুক্ত হৈছে গুৱাহাটী মহানগৰী ৷ এই তথ্য শেহতীয়াকৈ প্ৰকাশ কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় ভূ-তল জল ব’ৰ্ডে ৷ কেন্দ্ৰীয় ভূ-তল জল বোৰ্ডৰ উদ্বিগ্নতা ভৰা তথ্যই অশনি সংকেত কঢ়িয়াই আনিছে গুৱাহাটী মহানগৰৰ ভৱিষ্যতলৈ ।

কেন্দ্ৰীয় জল ব’ৰ্ডৰ তথ্য অনুসৰি ভূ-গৰ্ভৰ পানীৰ ওপৰত ভয়ংকৰ হাৰত অত্যাচাৰ চলিছে গুৱাহাটীত ৷ কামৰূপ মেট্ৰ’ৰ ২৬২ বৰ্গ কিলোমিটাৰ অঞ্চলত আছে মুঠ ৬২ টা ৱাৰ্ড ৷ এই এলেকাত ইমান বিশাল হাৰত পানী ভূ-গৰ্ভৰ পৰা আহৰণ কৰা হৈছে যে যি নিজলৈকে বিপদ কঢ়িয়াই আনিছে মহানগৰবাসীয়ে ৷ গভীৰ নলীনাদ, দমকল আদিৰে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্টৰ পানী আহৰণ, পাহাৰ এলেকাত ব্যক্তিগত ঘৰতো গভীৰ নলীনাদ বহুৱাই ব্যাপক হাৰত পানী উলিওৱা হৈছে ৷

Terrible water crisis in Guwahati
ভয়ংকৰ জল সংকটৰ দিশে আগবাঢ়িছে গুৱাহাটী

গভীৰ নলীনাদ নহ’লে মহানগৰীৰ প্ৰায়বোৰ ঠাইতে আজিকালি পানী নোলোৱা হৈছে ৷ বিপৰীতে মহানগৰীৰ ধৰাপৃষ্ঠ পকী কৰি পেলোৱাৰ ফলত বন্ধ হৈ পৰিছে ভূ-গৰ্ভলৈ পানী সোমাই যোৱাৰ ব্যৱস্থা ৷ ইয়াৰ মূল কাৰণ দ্ৰুতগতিত বৰ্ধিত মহানগৰীৰ জনসংখ্যা ৷ কেন্দ্ৰীয় ভূ-তল জল বোৰ্ডৰ উদ্বিগ্বতা— গুৱাহাটী ছেমি ক্ৰিটিকেল জ’নত সোমাই পৰাতো মহানগৰৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে (Ground water crisis in Guwahati) ৷

ভূগৰ্ভৰ পৰা ইতিমধ্যে পানী আহৰণৰ পৰিমাণটো ৭০ শতাংশৰ কমত থাকিলে 'Safe area'ত থাকে ৷ কিন্তু ইতিমধ্যে গুৱাহাটীৰ ভূ-গৰ্ভৰ পানীৰ ৭০ শতাংশ ওলাই গ’ল ৷ মাত্ৰ ৩০ শতাংশহে পানী বাকী আছে ভূ-গৰ্ভত ৷ গতিকে গুৱাহাটী মহানগৰ এতিয়া ভূ-গৰ্ভৰ জল স্তৰৰ জটিল পৰ্যায়ৰ অন্তৰ্গত হৈ পৰিল ৷

Terrible water crisis in Guwahati
ভয়ংকৰ জল সংকটৰ দিশে আগবাঢ়িছে গুৱাহাটী

বৰ্তমান গুৱাহাটী মহানগৰীৰ বৃহৎ অঞ্চলত বছৰৰ ৬ মাহহে ভূ-তল জল পাবলৈ সক্ষম হয় জনতাই ৷ কেন্দ্ৰীয় জল বৰ্ডৰ কেতবোৰ অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা আছে ভূতল জল সংৰক্ষণৰ বাবে ৷ কিন্তু গুৱাহাটী মহানগৰীত সেয়া প্ৰযোজ্য হোৱা দেখা পোৱা নাযায় ৷ সৰহ সংখ্যক নাগৰিকেই সেয়া পালন নকৰে ৷

ভূতল জল সংৰক্ষণ আৰু পানী পুনৰ ভূ-গৰ্ভলৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে কঠোৰ নীতি গ্ৰহণ নকৰিলে অতি কম সময়ৰ ভিতৰতে সমগ্ৰ গুৱাহাটী মহানগৰবাসীয়েই গভীৰ জলসংকটৰ যে সন্মুখীন হ’ব সেয়া নিশ্চিত ৷

লগতে পঢক: Electricity tariff hike: পুঁজিপতি গোষ্ঠীৰ বিদ্যুৎ চুৰিৰ কু-ফল ভুগিছে নেকি সাধাৰণ জনতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.