ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 17, 2022, 3:02 PM IST

top-10-at-3pm
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Rape Case in Rangia : 9 বছৰ ধৰি বোৱাৰীয়েকক যৌন নিৰ্যাতন শহুৰেকৰ

সুদীৰ্ঘ 9 বছৰ ধৰি শহুৰেকৰ কামনাৰ বলি হৈ আহিছে এগৰাকী দুৰ্ভগীয়া বোৱাৰী (Rape case in Assam)৷

Driver Arrested in Barpeta : হাতত আৰক্ষীৰ বন্দুক লৈ ফটো আপলোড দিয়া গাড়ী চালকক গ্ৰেপ্তাৰ

ফেচবুকত ফটো আপলোড দি শলঠেকত থানাৰ গাড়ী চালক ৷ বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ গাড়ী চালক লাচিত বায়নে আৰক্ষীৰ পোচাকত ৰাইফল লৈ আপলোড কৰিছিল ফটো (police station driver arrested for uploading photo)৷

Manish Sisodia : গ্ৰেপ্তাৰ হ’ব নেকি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া ?

সোমবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে সোধ-পোছৰ বাবে কাৰ্যালয়লৈ মাতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক (Delhi Deputy Chief Minister Manish Sisodia )৷

Molestation Case at Rangia : ছাত্ৰীক মৰম কৰাৰ চলেৰে যৌন নিৰ্যাতন শিক্ষকৰ

ৰঙিয়াত সংঘটিত হৈছে জঘন্য কাণ্ড (Molestation Case at Rangia) ৷ এগৰাকী ছাত্ৰীক মৰম কৰাৰ চলেৰে শিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে (Teacher molest student)৷

AICC President Election 2022 : গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ব কংগ্ৰেছৰ সভাপতি পদ !

সোমবাৰে কংগ্ৰেছে দলটোৰ শীৰ্ষ পদৰ বাবে নিৰ্বাচিত কৰিবলৈ সাজু হৈছে এগৰাকী অগান্ধী সভাপতি (Congress president election)৷ দলটোৰ শীৰ্ষ পদৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত মুখামুখি হ'ব দলটোৰ জেষ্ঠ মল্লিকাৰ্জুন খৰ্গে(Congress leader Mallikarjun Kharge) আৰু সাংসদ শশী থাৰুৰ(MP Shashi Tharoor) ।

Elephant Dead at Goalpara : বিষাক্ত খাদ্য ভক্ষণৰ ফলত গোৱালপাৰাত বনৰীয়া হাতীৰ মৃত্যু

গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ কৰুণ মৃত্যু (Elephant died in goalpara)। শোলমাৰীৰ গেন্দ্ৰা খেতিপথাৰত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহটো । খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি সন্দেহ বন বিভাগ আৰু স্থানীয় ৰাইজৰ । স্থানীয় ৰাইজৰ ভাষ্যমতে ধানখেতিত পোক মাৰিবলৈ ব্যৱহাৰ কৰিছিল বিষ । বিষক্ৰিয়া খাদ্যৰ ভক্ষণৰ ফলতে মৃত্যু বনৰীয়া হাতীটোৰ(elephant died after eating poisonous food) ।

Ganja seized at Rangia : ৰঙিয়াত লক্ষাধিক টকাৰ গাঞ্জা জব্দ

ৰঙিয়াৰ সমীপৱৰ্তী খন্দিকৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Huge amount of ganja seized at Rangia) । খন্দিকৰৰ এগৰাকী মহিলাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰে লক্ষাধিক টকা মূল্যৰ গাঞ্জা । গ্ৰেপ্তাৰ মহিলা গাঞ্জা সৰবৰাহকাৰীগৰাকীক (Women arrested with ganja at Rangia) ।

Kati Bihu 2022: জোনাইত কাতি বিহু নে বন্যাৰ্তৰ চকুলো !

কাতি বিহু উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে অসমীয়া (Kati Bihu celebrated in Assam) ৷কিন্তু ইয়াৰ মাজতে ধেমাজিৰ জোনাইত দেখা গৈছে সম্পূৰ্ণ বিপৰীত ছবি (Flood in Dhemaji) ৷ "সকলো ফালে পানীয়েই পানী, চাকি জ্বলাবলৈ আমাৰ এতিয়া উপায় নাই ৷ পথাৰত ধানৰ পৰিৱৰ্তে কহুঁৱা ফুলিছে ৷ ধান সিঁচিলেও ধান নহয় ৷ একো খেতিপথাৰ নাই ৷ চাকি জ্বলাম, কিন্তু আমি খেতি নাপাওঁ ৷" বিহুৰ প্ৰাকমূহুৰ্তত এইদৰে দুখ প্ৰকাশ কৰিলে ধেমাজিবাসীয়ে ৷

Erosion in Dhubri : ধুবুৰীত লুইতৰ পাৰত সমূহীয়া প্ৰাৰ্থনা

দক্ষিণ শালমাৰা সমষ্টিৰ ভিন্ন অঞ্চলত লুইতৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ (Erosion in Dhubri)। খহনীয়াৰ কবলৰ পৰা ৰক্ষা পাবলৈ কাতলামাৰী অঞ্চলত আয়োজন কৰে সমূহীয়া প্ৰাৰ্থনা । লুইতৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা নকৰিলে অঞ্চলটোত বিধায়ক সাংসদৰ প্ৰবেশ নিষিদ্ধ কৰাৰ হুংকাৰ ৰাইজৰ ।

Massive Erosion in Boko : বকোত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়িকা নন্দিতা দাসৰ

দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ বকোৰ সোণতলী পানীখাইটি অঞ্চলত অব্যাহত আছে খহনীয়া (Erosion in Boko)। খহনীয়াৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত । দেওবাৰে বকোৰ সোণতলী পানীখাইটি অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে(Nandita das inspects erosion in Boko) । খহনীয়া ৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিব আশ্বাস প্ৰদান কৰে বিধায়িকাগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.