ETV Bharat / state

Erosion in Dhubri : ধুবুৰীত লুইতৰ পাৰত সমূহীয়া প্ৰাৰ্থনা

author img

By

Published : Oct 17, 2022, 1:23 PM IST

দক্ষিণ শালমাৰা সমষ্টিৰ ভিন্ন অঞ্চলত লুইতৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ (Erosion in Dhubri)। খহনীয়াৰ কবলৰ পৰা ৰক্ষা পাবলৈ কাতলামাৰী অঞ্চলত আয়োজন কৰে সমূহীয়া প্ৰাৰ্থনা । লুইতৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা নকৰিলে অঞ্চলটোত বিধায়ক সাংসদৰ প্ৰবেশ নিষিদ্ধ কৰাৰ হুংকাৰ ৰাইজৰ ।

community prayers to get rid of erosion
Duburi erosion: ধুবুৰীত লুইতৰ পাৰত সমূহীয়া প্ৰাৰ্থনা

ধুবুৰী, ১৭ অক্টোবৰ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খহনীয়াৰ কালৰূপ(Erosion in Assam) । ধুবুৰীতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই(Erosion in Dhubri) । ধুবুৰীৰ কাতলামাৰী চৰ অঞ্চলত লুইতৰ ভয়ংকৰ গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰিছে । চৰকাৰে লুইতৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত সোমবাৰে ৰাইজে কৰিলে সমূহীয়া প্ৰাৰ্থনা । আল্লাহৰ ওচৰত সমুহীয়া দোৱাৰে খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰে ৰাইজে(Community prayers in Dhubri) ৷

ধুবুৰী জিলাৰ বৃহত্তৰ জৰুৱা বন্দিহানা অঞ্চলত লুইতৰ কালৰূপী গৰাখহনীয়াৰ ফলত অতিষ্ঠ হৈ পৰা স্থানীয় সহস্ৰাধিক লোকে সোমবাৰে লুইতৰ পাৰত আল্লাহৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । পদ্মেৰ আলগা পঞ্চায়তৰ কাতলামাৰীত লুইতৰ খহনীয়াৰ কবলত পৰিছে শতাধিক পৰিয়ালৰ বাসগৃহ । ফলত স্থানীয় ৰাইজ ভীতিগ্ৰস্ত হৈ পৰিছে ৷

স্থানীয় সাংসদ-বিধায়কৰ ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতিত ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ চৰকাৰ, জিলা প্ৰশাসন আৰু স্থানীয় সাংসদ-বিধায়কৰ ওপৰত আস্থা হেৰুৱাই গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ এনেকৈয়ে কাতলামাৰী অঞ্চলৰ লুইতৰ পাৰত খতমে কোৰান আৰু সমূহীয়া দোৱা অনুষ্ঠিত কৰে ৷ ইফালে দুমাহৰ ভিতৰত পদ্মেৰ আলগা, কাতলামাৰী অঞ্চলৰ লুইতৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰা নহলে অঞ্চলটোত বিধায়ক সাংসদৰ প্ৰবেশ নিষিদ্ধ তথা ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৰাইজে ৷

ধুবুৰীত লুইতৰ পাৰত সমূহীয়া প্ৰাৰ্থনা

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । কেৱল দুবুৰীয়েই নহয় ডিব্ৰুগড়, চাবুৱা, কলিয়াবৰ, বৰপেটাকে আদি কৰি বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ বিঘা ভূমি । ঘৰ-ভেটি হেৰুৱাই দিশহাৰা হৈ পৰিছে নৈ-পৰীয়া ৰাইজ । শংকিত ৰাইজে সপোনৰ ঘৰখন ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ।

আটাইতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডিব্ৰুগড়ৰ উপকন্ঠ মাইজান তথা নঘূলি অঞ্চলত । বিগত কেইটামান দিনৰ ভিতৰতে গৃহহীন হৈছে অঞ্চলটোৰ বহু লোক । চৰকাৰে খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও সেয়া পূৰ্ণ কৰাত ব্যৰ্থ হোৱা দেখা গৈছে । খহনীয়াৰ কৱলত পৰি ঘৰ-বাৰী সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা ভুক্তভোগী পৰিয়ালসমুহে বিভিন্ন ধৰণৰ সংকটত ভুগিছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: Kati Bihu 2022: জোনাইত কাতি বিহু নে বন্যাৰ্তৰৰ্ত চকুলো !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.