ETV Bharat / state

Kati Bihu 2022: ধেমাজিত কাতি বিহু নে বন্যাৰ্তৰ চকুলো !

author img

By

Published : Oct 17, 2022, 11:05 AM IST

Updated : Oct 17, 2022, 6:27 PM IST

কাতি বিহু উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে অসমীয়া (Kati Bihu celebrated in Assam) ৷ কিন্তু ইয়াৰ মাজতে ধেমাজিৰ জোনাইত দেখা গৈছে সম্পূৰ্ণ বিপৰীত ছবি (Flood in Dhemaji) ৷ "সকলো ফালে পানীয়েই পানী, চাকি জ্বলাবলৈ আমাৰ এতিয়া উপায় নাই ৷ পথাৰত ধানৰ পৰিৱৰ্তে কহুঁৱা ফুলিছে ৷ ধান সিঁচিলেও ধান নহয় ৷ একো খেতিপথাৰ নাই ৷ চাকি জ্বলাম, কিন্তু আমি খেতি নাপাওঁ ৷" বিহুৰ প্ৰাকমূহুৰ্তত এইদৰে দুখ প্ৰকাশ কৰিলে ধেমাজিবাসীয়ে ৷

Kati Bihu 2022
Kati Bihu in Assam: জোনাইত কাতি বিহু নে বন্যাৰ্তৰ চকুলো !

ধেমাজি, 17 অক্টোবৰ: “তুলসীৰ তলে তলে মৃগ পহু চৰে ৷ তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে’’ ৷ কাইলৈ কাতি বিহু ৷ অসমীয়া বাপতিসাহোন তিনিটা বিহুৰ অন্যতম কাতি বিহু অৰ্থাৎ কঙালী বিহু ৷ ৰাজ্যত এতিয়া কাতি বিহু উদযাপনৰ বাবে ব্যস্ত প্ৰত্যেকগৰাকী অসমীয়া (Kati Bihu celebrated in Assam) ৷ তুলসীৰ তলত চাকি জ্বলাই, শস্য শ্যামলা পথাৰখন লখিমীৰে ওপচি পৰাৰ কামনাৰে ধাননি পথাৰত চাকি জ্বলোৱাৰ লগতে আকাশ বন্তি জ্বলাই ঐশ্বৰ্য, সমৃদ্ধিৰ দেৱী লক্ষ্মীক প্ৰাৰ্থনা জনাব অসমবাসীয়ে ৷

কাতি মাহত কৃষকৰ সপোনৰ খেতিডৰাত গেঁৰ ধৰিছে, প্ৰাণৱন্ত হৈ পৰে সেউজীয়া পথাৰখন ৷ এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে চহা সমাজে পালন কৰি অহা হৈছে কাতি বিহু বা কঙালী বিহু ৷ ইয়াৰোপৰি গো-লক্ষ্মীক উদ্দেশ্যি গোহালি ঘৰ, লক্ষ্মী বাস কৰা ভঁৰাল ঘৰ, তামোল–নাৰিকলৰ আদিৰ তলতো অসমীয়াই জ্বলাব ভক্তিৰ চাকিগছি ৷ কাতি বিহুৰ সময়তে সৰহসংখ্যক খেতিয়কৰে ভঁৰাল উদং হয়। ভোগ–বিলাস অবিহনেই প্ৰতিজন অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন কঙালী বিহুটি ৷

কিন্তু ইয়াৰ মাজতে ধেমাজিৰ জোনাইত দেখা গৈছে সম্পূৰ্ণ বিপৰীত ছবি(Flood in Dhemaji) ৷ দীৰ্ঘদিন ধৰি আবতৰীয়া বানৰ কবলত পৰি দিক বিদিক হেৰুৱাইছে এইসকল লোকে ৷ ধেমাজি জিলাৰ চকুলো খ্যাত জীয়াঢল নদীয়ে পুনৰ কন্দুৱাইছে ধেমাজিৰ গঞাক ৷ জীয়াঢলৰ বানৰ বালিয়ে পুতিছে খেতিপথাৰসমূহ ৷

ধেমাজিত কাতি বিহু নে বন্যাৰ্তৰ চকুলো

কাতি বিহুৰ উচাহ নাই ধেমাজিৰ বানেধোৱা অঞ্চলৰ কষিজীৱী ৰাইজৰ মাজত ৷ বালি আৰু কহুঁৱানিতে জ্বলিব কৃষকৰ চাকি ৷ পথাৰত চাকি জ্বলালেও নাপায় সোণগুটি ৷ কৃষকৰ হাড়ভঙা পৰিশ্ৰমৰ প্ৰাপ্তিৰ শস্য শ্যমলা সোণগুটিৰ পথাৰ সমূহ বালি আৰু কহুঁৱানিলৈ পৰ্যবসিত হোৱাৰ ফলত চকুলোৰে বাট নেদেখা হৈছে বন্যাৰ্তই ৷

কাতি বিহুক লৈ ধেমাজি জীয়াঢল চাৰিআলি সমীপৰ ৰংপুৰীয়া গাৱঁৰ কেইবাটাও কৃষকৰ পৰিয়ালৰ মন মৰা অৱস্থা (Flood affected area people reacts on Kati Bihu) ৷ বিগত তিনিবছৰৰ পূৰ্বৰে পৰা অঞ্চলটো কৃষকে হেঁপাহৰ পথাৰখনৰ পৰা পোৱা নাই উৎপাদন ৷ পূৰ্বতে এই পথাৰৰ উৎপাদন হৈছিল প্ৰতি বিঘাত ২৪/২৫ কুইন্টলকৈ ধান ৷ নদন-বদন হৈ উপচি পৰিছিল কৃষকৰ ভঁৰাল ৷

কিন্তু এতিয়া জীয়াঢল নদীয়ে দুৰ্ভাগ্য কঢ়িয়াই আনিছে এইসকল গঞালৈ ৷ এতিয়া যেন কাতি বিহুক লৈ হুমুনিয়াহ কাঢ়িছে অঞ্চলবাসীয়ে ৷ হেঁপাহৰ বিহুটি উদযাপনৰ পৰা বঞ্চিত হৈ এইসকল দুৰ্ভগীয়া অসমীয়াই ক’লে এনেদেৰ- "সকলো ফালে পানীয়েই পানী, চাকি জ্বলাবলৈ আমাৰ এতিয়া উপায় নাই ৷ পথাৰত ধানৰ পৰিৱৰ্তে কহুঁৱা ফুলিছে ৷ ধান সিঁচিলেও ধান নহয় ৷ একো খেতিপথাৰ নাই৷ চাকি জ্বলাম, কিন্তু আমি খেতি নাপাওঁ’’ ৷

লগতে পঢ়ক: জোনাইত বানৰ মাজত আবদ্ধ প্ৰশাসনৰ দল

Last Updated : Oct 17, 2022, 6:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.