ETV Bharat / state

জোনাইত বানৰ মাজত আবদ্ধ প্ৰশাসনৰ দল

author img

By

Published : Oct 10, 2022, 9:12 PM IST

Unseasonal Flood at Jonai
আৱতৰীয়া বানৰ কবলত জোনাই

আৱতৰীয়া বানৰ কবলত জোনাই (Flood at Jonai) ৷ জোনাইত নিউ চিয়াং নদীৰ বাঢ়নী পানীয়ে চিলে পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰীত ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷

  • জোনাইত নিউ চিয়াং নদীৰ বাঢ়নী পানীয়ে লৈছে ভয়ংকৰ ৰূপ (Unseasonal Flood at Jonai)৷
  • বাঢ়নী পানীয়ে চিলে পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰীত চলাইছে তাণ্ডৱ লীলা ।
  • সোমবাৰে জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত পুৱাই শিৱগুৰীৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত বান পৰিস্থিতিৰ বুজ ল’বলৈ যায় এটা দল
  • কিন্তু পৰিস্থিতি বিষম দেখি আদ বাটৰ পৰাই ঘূৰি আহিবলৈ বাধ্য হয় দলটো
  • অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে এই দলটো নিৰ্দিষ্ট স্থানৰ বিপৰীতে আবদ্ধ হৈ আছে শিৱগুৰীত
  • এই দলটোত আছে জোনাই ৰাজহ বিভাগৰ লাট মণ্ডল গৌতম চুংক্ৰাং, জোনাই SDRF বাহিনীৰ S.O প্ৰশান্ত পেগুৰ লগতে বিদ্যা পেগু, দামুধৰ বড়ো, জোনাই পশু চিকিৎসা বিভাগৰ ফিল্ড এচিছটেন্ট হিতেশ কুলিৰ লগতে সাংবাদিক প্ৰাঞ্জিত দলে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.