Ganja seized at Rangia : ৰঙিয়াত লক্ষাধিক টকাৰ গাঞ্জা জব্দ

By

Published : Oct 17, 2022, 2:11 PM IST

thumbnail

ৰঙিয়াৰ সমীপৱৰ্তী খন্দিকৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Huge amount of ganja seized at Rangia) । খন্দিকৰৰ এগৰাকী মহিলাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰে লক্ষাধিক টকা মূল্যৰ গাঞ্জা । গ্ৰেপ্তাৰ মহিলা গাঞ্জা সৰবৰাহকাৰীগৰাকীক (Women arrested with ganja at Rangia) । তামুলপুৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত মহিলাগৰাকীৰ বাসগৃহত লুকুৱাই থোৱা অৱস্থাত ১২.৩ কেজি ওজনৰ গাঞ্জা জব্দ কৰে । লগতে গাঞ্জা বিক্ৰী কৰি থকা অৱস্থাতে হাতে-লোটে গাঞ্জা সৰবৰাহ কৰা মাইকন দাস নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই যোৱা বুলি অভিযোগ উত্থাপন হৈছে । খন্দিকৰ অঞ্চলৰ গাঞ্জা সৰবৰাহকাৰী মহিলাগৰাকীক গ্ৰেপ্তাৰৰ পিছতে ৰাইজে সন্তোষ প্ৰকাশ কৰে লগতে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.