ETV Bharat / bharat

Manish Sisodia : গ্ৰেপ্তাৰ হ’ব নেকি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া ?

author img

By

Published : Oct 17, 2022, 9:39 AM IST

Updated : Oct 17, 2022, 11:43 AM IST

সোমবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে সোধ-পোছৰ বাবে কাৰ্যালয়লৈ মাতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক (Delhi Deputy Chief Minister Manish Sisodia )৷

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ : ৰাষ্ট্ৰীয় পুঁজিৰ বাবে আবকাৰী নীতি প্ৰণয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰ অভিযোগ সন্দৰ্ভত সোমবাৰে চিবিআইয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক অভিযুক্তৰ সৈতে জড়িত সোধ-পোছৰ বাবে মাতিছে(Delhi Deputy Chief Minister Manish Sisodia ) ৷ তদন্তৰ জৰিয়তে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক সোমবাৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি দিল্লী জল ব’ৰ্ডৰ উপাধ্যক্ষ সৌৰভ ভৰদ্বাজে জনায় । সোমবাৰে পুৱা ১১ বজাত চিছ’ডিয়াক চিবিআইৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে চিবিআইয়ে ৷

দেওবাৰে এক টুইটযোগে চিছ’দিয়াই কয়, "১৪ ঘণ্টা ধৰি মোৰ ঘৰত চিবিআয়ে অভিযান চলাইছিল, একো ওলোৱা নাছিল। মোৰ বেংকৰ লকাৰত পৰ্যন্ত তালাচী চলাইছিল। তাতো একো পোৱা নাছিল । মোৰ গাঁৱত তদন্তকাৰী সংস্থাই একো বিচাৰি নাপালে । এতিয়া কাইলৈ ৰাতিপুৱা ১১ বজাত মোক চিবিআইৰ মুখ্য কাৰ্যালয়লৈ মাতি পথিয়াইছে ৷ মই যাম আৰু এইক্ষেত্ৰত মোৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াম । সত্যমেৱ জয়তে ৷"

ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ সৈতে তেওঁৰ চৰকাৰৰ যুঁজক “দ্বিতীয় স্বাধীনতা সংগ্ৰাম” বুলি অভিহিত কৰে (2ND frredom struggler)৷ লগতে আপ নেতা মনীষ চিছ'দিয়া আৰু সত্যেন্দৰ জৈনক শ্বহীদ ভগত সিঙৰ সৈতে তুলনা কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে কেজৰিৱালে (Delhi Chief Minister Arvind Kejriwal)কয় যে, দেশৰ কোটি কোটি দৰিদ্ৰ লোকৰ প্ৰাৰ্থনা দলটোৰ লগত আছে ৷ কাৰাগাৰৰ দেৱাল আৰু ওলমি থকা ফাঁকে ভগত সিঙৰ সংকল্পক বাধা দিব নোৱাৰিলে । স্বাধীনতা লাভৰ বাবে এয়া দ্বিতীয়খন যুঁজ । মনীষ আৰু সত্যেন্দ্ৰ আজিৰ যুগৰ ভগত সিংহ বুলি উল্লেখ কৰাৰ লগতে মনীষ চিছোদিয়া সন্দৰ্ভত কবলৈ গৈ দেশে স্বাধীনতা লভাৰ 75 বছৰ পাছত এনে এগৰাকী শিক্ষামন্ত্ৰী লাভ কৰিছিল যিয়ে দৰিদ্ৰ লোকক ভাল শিক্ষা দিছিল আৰু উজ্জ্বল ভৱিষ্যতৰ আশা দিছিল ।

ঘটনা সন্দৰ্ভত ইন্দোৰ স্বত্বাধিকাৰী সমীৰ মহেন্দ্ৰুকে ধৰি কেইবাজনো লোকক জেৰা কৰিছে তদন্তকাৰী সংস্থাটোয়ে ৷ গুৰুগ্ৰামৰ বাড্ডি ৰিটেইল প্ৰাইভেট লিমিটেডৰ সঞ্চালক অমিত আৰোৰা আৰু ইণ্ডিয়া এহেড নিউজৰ পৰিচালন সঞ্চালক মুথা গৌতম, এই গোচৰৰ সৈতে জড়িত বুলি বিষয়াসকলে জানিবলৈ দিয়ে ৷

এজেন্সীটোৱে আপ কৰ্মী তথা এণ্টাৰটেইনমেণ্ট আৰু অনলি মাচ লাউডাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিজয় নায়াৰৰ লগতে ইভেণ্ট মেনেজমেণ্ট কোম্পানী আৰু হায়দৰাবাদৰ ব্যৱসায়ী অভিষেক বয়নপল্লীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ চিবিআয়ে দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীৰ লগতে আন ১৪ জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে ৷

শিক্ষামন্ত্ৰীগৰাকীৰ লগতে আন ১৪ জনৰ বিৰুদ্ধে দিল্লীৰ এখন বিশেষ আদালতত ১২০B, 477 A , দুৰ্নীতি প্ৰতিৰোধ আইনৰ 7 নং ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ ৷ আজি অৰ্থাৎ সোমবাৰে তদন্তকাৰী সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত সংস্থাটোয়ে কি ব্যৱস্থা গ্ৰহণ কৰে তাকে লৈ ৰাজনৈতিক মহলত উদ্বিগ্তা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Assam-Arunachal border issue: বিজেপিয়ে অৰুণাচলীৰ হাতত অসমৰ ভূমি চমজাই দিয়াৰ পৰিকল্পনা কৰিছে: চি পি আই এম এল

Last Updated :Oct 17, 2022, 11:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.