ETV Bharat / state

অৰুণাচলৰ নেচিফুত ভূমিস্খলন; আহত দুই সাংবাদিক

author img

By

Published : May 20, 2022, 1:35 PM IST

অৰুণাচলত ভূমিস্খলন (Landslide in Arunachal) ৷ অৰুণাচলৰ নেচিফুত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত এই ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে আহত হয় অসমৰ দুই সাংবাদিক ৷

Landslide in Arunachal
অৰুণাচলৰ নেচিফুত ভূমিস্খলন

তেজপুৰ, 20 মে’ : অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বিগত কেইবাদিন ধৰি হৈ আছে ধাৰাষাৰ বৃষ্টিপাত (Heavy rainfall in north east) ৷ ফলত ভিন্ন অঞ্চল এতিয়া বুৰ গৈছে পানীত ৷ আনকি কিছু কিছু অঞ্চলত ভূমিস্খলনো হোৱা পৰিলক্ষিত হৈছে ৷

অৰুণাচলৰ নেচিফুত ভূমিস্খলন; আহত দুই সাংবাদিক

ইয়াৰ মাজতে শুকুৰবাৰে অৰুণাচলৰ চেঁচাত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা (Landslide in Arunachal)৷ এই ভূমিস্খলনৰ ফলত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অসমৰ দুগৰাকী সাংবাদিক আহত হয় ৷ তথ্য অনুসৰি, শুকুৰবাৰে তেজপুৰৰ সাংবাদিক এটা দল অৰুণাচলৰ নেচিফুত বাতৰি সংগ্ৰহৰ বাবে গৈছিল ৷

লগতে পঢ়ক : ইটানগৰত ভূমিস্খলনত শিশুৰ মৃত্যু; সন্ধানহীন দুজন

সাংবাদিকৰ দলটো গৈ থকা অৱস্থাত এটা প্ৰকাণ্ড পাথৰ আহি গাড়ীত পৰে ৷ ফলত দুজনকৈ সাংবাদিক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, অত্যাধিক বৰষুণৰ বাবেই অৰুণাচলৰ সমগ্ৰ পথছোৱাত হৈ আছে ভূমিস্খলনৰ ঘটনা ।

লগতে পঢ়ক : পথ বন্ধ: বদ্ৰীনাথ-কেদাৰনাথ ভ্ৰমণত বতৰৰ ব্যাঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.