ETV Bharat / state

ভূমিস্খলনৰ ফলত বন্ধ হাফলং-শিলচৰৰ ৰাষ্ট্ৰীয় ঘাইপথ

author img

By

Published : Mar 25, 2022, 10:32 PM IST

ভূমিস্খলনৰ ফলত হাফলং-শিলচৰ 54নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ (National Highway of Haflong Silchar closed for landslide) ৷ বৃহস্পতিবাৰে হোৱা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথচোৱাত যানবাহন চলাচল বন্ধ হৈ পৰে ।

national-highway-of-haflong-silchar-closed-for-landslide
হাফলং-শিলচৰ 54নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ

ডিমা হাছাও, 25 মাৰ্চ : বৃহস্পতিবাৰে মুষলধাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে হাফলং-শিলচৰৰ 54নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচল (National Highway of Haflong Silchar closed for landslide) । উল্লেখ্য যে, শিলচৰৰ পৰা মেঘালয় হৈ গুৱাহাটীলৈ যোৱাৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱা বন্ধ থকাৰ (Highway closed for landslide) বাবে শিলচৰ-হাফলঙৰ 54নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ বৰাক উপত্যকাৰ বিভিন্ন জিলালৈ যোৱা নৈশ বাছসমূহ মণিপুৰ আৰু ত্ৰিপুৰাৰ পৰা চলাচল বন্ধ কৰা হয় ৷

উল্লেখযোগ্য যে, সম্প্ৰতি শিলচৰৰ পৰা সৌৰাষ্ট্ৰ লৈ আৰু বালাচৰাৰ পৰা হাৰেংগাজাওলৈকে চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম অব্যাহত আছে । এই ঘাইপথ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে এনএইচআইডিচিএলৰ(NHIDCL)ৰ অধীনত হাইটেক প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীক ৷ কিন্তু চাৰিলেন যুক্ত পথচোৱা নিৰ্মাণৰ বাবে এতিয়া অব্যাহত আছে পাহাৰ কটাৰ কাম ৷

তেনে সময়তে বৃহস্পতিবাৰৰ নিশা বৰষুণৰ ফলত ভূমিস্খলন হৈ হাফলং-শিলচৰ 54নং ৰাষ্ট্ৰীয় ঘাইপথটি বন্ধ হৈ পৰাত যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মূখীন হয় ।জানিব পৰা মতে, এই ঘাইপথচোৱা সুচল কৰি তোলাৰ বাবে এনএইচআইডিচিএল আৰু নিৰ্মাণ সংস্থাই যুদ্ধকালীনভাৱে এই পথটিৰ মেৰামতিৰ কাম অব্যাহত ৰাখিছে ৷ লগতে সংস্থাটোৱে শীঘ্ৰেই এই পথচোৱা যাতায়তৰ বাবে সুচল হৈ উঠাৰ সম্ভাৱনা আছে বুলি সদৰি কৰে ৷

লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ পৰিল এখন প্ৰাথমিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.