ETV Bharat / state

Landslide in Guwahati: মহানগৰীৰ দুটা স্থানত ভূমিস্খলন

author img

By

Published : May 17, 2022, 4:32 PM IST

মহানগৰীৰ সংঘটিত হৈছে দুটাকৈ স্থানত ভূমিস্খলনৰ ঘটনা (Landslide in Guwahati) ৷ কামাখ্যা আৰু উলুবাৰীত সংঘটিত হৈছে এই ঘটনা ৷ পাণ্ডু-কামাখ্যাৰ নতুন পথত খহি পৰিল পাহাৰৰ মাটি ।

Landslide in Guwahati
মহানগৰীৰ দুটা স্থানত ভূমিস্খলন

গুৱাহাটী, ১৭ মে’: গুৱাহাটী মহানগৰত মঙলবাৰে দুটাকৈ স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় (Landslide in Guwahati)। কামাখ্যা আৰু উলুবাৰীত দুটাকৈ স্থানত সংঘটিত হয় ভূমিস্খলন । নেৰানেপেৰা বৰষুণৰ ফলত হয় এই ভূমিস্খলন ।

মহানগৰীৰ পাণ্ডু-কামাখ্যাৰ নতুন পথত খহি পৰিল পাহাৰৰ মাটি । ওৰে নিশা হোৱা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । পাহাৰৰ মাটি, শিল খহাৰ ফলত বন্ধ হৈ পৰিছে পথটোৰ যাতায়ত । ভূমিস্খলনত কোনো লোক হতাহত হোৱাৰ খবৰৰ লাভ কৰা নাই । আনহাতে মহানগৰীৰ উলুবাৰীৰ ইস্কন মন্দিৰত সমীপৰ মাতৃ মন্দিৰত ভূমিস্খলন হয় । ভূমিস্খলনত খহি পৰিল মন্দিৰৰ বৃহৎ দেৱাল ।

মহানগৰীৰ দুটা স্থানত ভূমিস্খলন

উল্লেখ্য যে, বিগত কিছুদিন ধৰি মহানগৰীত হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানে মহানগৰবাসীক জলাকলা খুৱাই অহাৰ সমান্তৰালভাৱে পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলে ভূমিস্খলনৰ শংকাত বাস কৰিবলগীয়া হৈছে । দুদিন পূৰ্বে চানমাৰিৰ মিলন নগৰতো গাৰ্ডৱাল খহি পৰা ঘটনা সংঘটিত হৈছিল । বিশেষকৈ পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলনৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে । বাৰিষাৰ বৰষুণৰ বতৰত ইটোৰ পাচত সিটো ভূমিস্খলন সংঘটিত হোৱাৰ ঘটনাই সম্প্ৰতি ত্ৰাসিত কৰি তুলিছে মহানগৰবাসীক ।

লগতে পঢ়ক: Flood in Assam : প্ৰলয়ংকৰী বানত প্লাৱিত ৰাজ্যৰ 20 খন জিলাৰ ভিন্ন অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.