ETV Bharat / state

Flood in Assam : প্ৰলয়ংকৰী বানত প্লাৱিত ৰাজ্যৰ 20 খন জিলাৰ ভিন্ন অঞ্চল

author img

By

Published : May 17, 2022, 1:37 PM IST

ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে (Flood situation become critical in Assam) ৷ ২০ খন জিলাৰ ৬৫২ খন গাঁও সম্পূৰ্ণৰূপে বানত বিধ্বস্ত ৷ প্ৰায় ১,৯৭,২৪৮ গৰাকী লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বানত প্লাৱিত হৈছে ১৬,৬৪৫.৬১ হেক্টৰ কৃষি ভূমি ৷

flood-situation-become-critical-in-assam
ৰাজ্যৰ বান পৰিস্থিতিৰ জটিল ৰূপ

গুৱাহাটী, 17 মে’: ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি(Flood situation become critical in Assam) ৷ অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে ৷ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ আৰু কামপুৰত কপিলী নৈ এতিয়াও বিপদসীমাৰ ওপৰেদি বৈ আছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(ASDM) ৰ তথ্য অনুসৰি, বানত ক্ষতিগ্ৰস্ত জিলা আৰু গাঁৱৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈছে ৷ বিধ্বংসী বানত ৰাজ্যৰ ২০ খন জিলা আৰু ৪৬ টা ৰাজহ চক্ৰ ক্ষতিগ্ৰস্ত হৈছে ৷

লগতে চাওক: Flood in Assam: বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰিছে বিভীষিকাৰ

বানত এতিয়ালৈকে উজনি অসমৰ অধিকাংশ জিলা যথেষ্ট পৰিমাণে ক্ষতিৰ সম্মুখীন হৈছে ৷ তথ্য মতে, ডিমা হাছাও, বিশ্বনাথ, কাছাৰ, দৰং, ডিব্ৰুগড়, হোজাই, কাৰ্বি আংলং, লখিমপুৰ, শোণিতপুৰ, নগাঁও, তামুলপুৰ, ওদালগুৰি জিলা বানত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ৷ বিধ্বংসী বানত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে বৰ্তমানলৈকে ৬৫২ খন গাঁও বিধ্বস্ত হৈছে ৷ বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়ি আছে ৷

flood-situation-become-critical-in-assam
ৰাজ্যৰ বান পৰিস্থিতিৰ জটিল ৰূপ

লগতে চাওক: Kampur flood : বাঢ়নী পানী চাবলৈ গৈ বানত উটিল দুই কিশোৰ

ভয়াৱহ বানত মহিলাকে ধৰি শিশুসকল যথেষ্ট কষ্টৰ সন্মুখীন হৈছে ৷ বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ এতিয়ালৈকে ১,৯৭,২৪৮ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰে বানত ৬৮,৭৪০ গৰাকী শিশু ক্ষতিগ্ৰস্ত হৈছে ৷ বানত কৃষি ভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ বাঢ়নী পানীয়ে কৃষকৰ বৰো ধান, মৰাপাটকে ধৰি শাক-পাচলিসমূহৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ ৰাজ্যত বানত এতিয়ালৈকে ১৬,৬৪৫.৬১ হেক্টৰ কৃষি ভূমি নষ্ট হৈছে ৷ এই সংখ্যা আৰু বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বানত এতিয়ালৈকে ৪৯,৪৭৪ টাকৈ পশুধনৰ ক্ষতি হৈছে ৷ বিধ্বংসী বানত এতিয়ালৈকে পাঁচ হাজাৰৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে ৷

flood-situation-become-critical-in-assam
বানত প্লাৱিত হৈছে প্ৰায় ১,৯৭,২৪৮ গৰাকী লোক

লগতে চাওক: নলবাৰীৰ উত্তৰ বালিত মৰা পাগলাদিয়া নৈৰ তাণ্ডৱ

উল্লেখ্য যে, বছৰৰ প্ৰথমটো বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ডিমা হাছাও জিলা ৷ ভয়াৱহ ভূমিস্খলনৰ বাবে জিলাখন বহিঃজিলাৰ পৰা সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ জিলাখনৰ হাফলং, মাইবাং, মহাদেৱ টিলাকে ধৰি কেইবাঠাইতো বর্তমান ভয়ানক ভূমিস্খলন হৈ আছে বুলি জানিব পৰা গৈছে ৷ মন কৰিবলগীয়া যে, বানত ক্ষতিগ্ৰস্তসকলৰ বাবে চৰকাৰে পৰ্যাপ্ত আশ্ৰয় শিবিৰ আৰম্ভ কৰি ক্ষতিগ্ৰস্তসকলক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ বিতৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে ৷ চৰকাৰে এতিয়ালৈকে ৰাজ্যৰ বানপীড়িত এলেকাত মাত্ৰ ৫৫ টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰাৰ লগতে মাত্ৰ ১২ টা খাদ্য সামগ্ৰী বিতৰণৰ কেন্দ্ৰ স্থাপন কৰিছে ৷ বানত ক্ষতিগ্ৰস্ত পশুধনৰ বাবে চৰকাৰে পৰ্যাপ্ত পশু খাদ্য বিতৰণত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ৷

লগতে চাওক: প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত বিধ্বস্ত ডিমা হাছাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.