ETV Bharat / state

Flood in Assam: বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰিছে বিভীষিকাৰ

author img

By

Published : May 16, 2022, 10:50 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্ত হৈ পৰিছে জলমগ্ন ৷ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈসমূহৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ভিন্ন অঞ্চল ৷ বানে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ ফলত বহিঃবিশ্বৰ লগত সংযোগ বিচ্ছিন্ন হৈছে বহু অঞ্চলৰ (Flood in Assam)৷ বানে উটুৱাই নিছে পথ, পথতেই বাগৰি পৰিছে গছ, আবদ্ধ হৈ পৰিছে যাত্ৰী ৷

Flood in Assam
বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰিছে বিভীষিকাৰ

নিউজ ডেস্ক: বাৰিষাৰ আগমনৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্ত হৈ পৰিছে জলমগ্ন ৷ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈসমূহৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ভিন্ন অঞ্চল ৷ বানে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ ফলত বহিঃবিশ্বৰ লগত সংযোগ বিচ্ছিন্ন হৈছে বহু অঞ্চলৰ (Flood in Assam)৷ বানে উটুৱাই নিছে পথ, পথতেই বাগৰি পৰিছে গছ, আবদ্ধ হৈ পৰিছে যাত্ৰী ৷

বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰিছে বিভীষিকাৰ

নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন(Landslide in Assam) হোৱাৰ পৰিপ্ৰেক্ষিতত ৰে’ল আৰু ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰিছে । বান আৰু ভূমিস্খলনৰ ফলত এই পৰ্যন্ত পাঁচজন জন লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (Death in Assam flood) । নলবাৰীত মৰা পাগলাদিয়াই চলাইছে তাণ্ডৱ । বানে বুৰাইছে বিস্তীৰ্ণ অঞ্চল । বাঢ়নি পানীয়ে উটুৱাই নিলে পাগলদিয়া নৈৰ মথাউৰিও । ফলত বৃহত্তৰ অঞ্চলটোৰ কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ শংকিত হৈ পৰিছে গাওঁবাসী ৷

ৰঙাপৰাত পথৰ ওপৰতে বাগৰি পৰিল গছ৷ ফলত ব্যাহত হৈ পৰিল যাতায়ত৷ গছডাল বাগৰি পৰাৰ ফলত পথৰ দুয়োকাষে আবদ্ধ হৈ পৰে বহু বাহন । মঙলদৈত নেৰানেপেৰা বৰষুণৰ ফলত চিগা মথাউৰিয়ে ভাবুকিৰ সৃষ্টি কৰিছে৷ নেৰানেপেৰা বৰষুণৰ ফলত নোৱা নৈৰ মথাউৰিৰ একাংশ চিঙি যোৱাত পানীত বুৰ গৈছে ঘাইপথ ৷ ইয়াৰোপৰি বাঢ়নি পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷ প্ৰশাসনৰ লোক, জনপ্ৰতিনিধিয়ে পৰিস্থিতিৰ বুজ নোলোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷

আনহাতে, নীপকোৱে ৰঙানদী আৰু উমৰংছ’ প্ৰকল্পৰ কপিলী আৰু খানদং বান্ধৰ গেইট খুলি দিয়াৰ ফলত দুয়োটা প্ৰকল্পৰ নামনি অংশ হৈ পৰিছে জলমগ্ন । ভৰ বাৰিষাৰ পূৰ্বেই ৰাজ্যত বানে সৃষ্টি কৰা এই বিভীষিকাৰ লগত ৰাজ্য চৰকাৰে কিদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: বানত ক্ষতিগ্ৰস্থ ৰাজ্যৰ ২৩০ খন গাঁও: পাঁচজনৰ মৃত্য়ু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.