ETV Bharat / state

বানত ক্ষতিগ্ৰস্থ ৰাজ্যৰ ২৩০ খন গাঁও: পাঁচজনৰ মৃত্য়ু

author img

By

Published : May 16, 2022, 7:37 PM IST

five death in Assam flood
বানত ক্ষতিগ্ৰস্থ ২৩০ খন গাঁও: পাঁচজনৰ মৃত্য়ু

নোৱা দিহিং, লোহিত, চিয়াং, বুঢ়ীদিহিং, দিখৌ, ধনশিৰি, কপিলী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, বেঁকী, গৌৰাং আদি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি হৈ থকা বুলি জল আয়োগে প্ৰকাশ কৰিছে (First wave Assam floods affects 6 districts) । বান আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈ পাঁচজন লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে । ৰাজ্যৰ পাঁচ ঠাইত মথাউৰি চিগাৰ তথ্য অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰিছে ।

গুৱাহাটী, 16 মে': অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনত অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ পানীয়ে ৰাজ্যত বাৰিষাৰ প্ৰথমটো বানৰ সৃষ্টি কৰিছে (First wave Assam floods affects 6 districts) । সোমবাৰেও বানৰ ভয়াবহতাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই । আনহাতে, নেৰানেপেৰা বৰষুণৰ ফলত পাৰ্বত্য জিলা ডিমা হাচাওৰ বিভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন হৈ ৰেল আৰু ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰিছে ।

ডিমা হাচাওত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি । ডিমা হাচাও ৰেল ষ্টেচনত বানত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে । চিমেন, গাই, সোৱণশিৰি, জীয়াঢল, ৰঙানদী আদিৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰিছে । আনহাতে, বৰষুণৰ ফলত হোৱা জলস্তৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নীপকোৰ ৰঙানদী প্ৰকল্প আৰু উমৰংছ' প্ৰকল্পৰ কপিলী আৰু খানদং বান্ধৰ ‘গেইট’ খুলি দিয়াৰ ফলত দুয়োটা প্ৰকল্পৰ নামনি অংশত বহু অঞ্চল জলমগ্ন হৈছে । একেদৰে কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পৰা চাৰিখন ‘গেইট’ৰে এৰি দিয়া পানীয়ে হোজাই, কামপুৰ আদি অঞ্চলৰ বহু গাঁও জলমগ্ন কৰিছে । কৰিমগঞ্জত কুশিয়াৰা আৰু কাছাৰত গোমৰা নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱ ।

আনহাতে, নোৱা দিহিং, লোহিত, চিয়াং, বুঢ়ীদিহিং, দিখৌ, ধনশিৰি, কপিলী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, বেঁকী, গৌৰাং আদি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি হৈ থকা বুলি জল আয়োগে প্ৰকাশ কৰিছে । বান আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈ পাঁচজন লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে । ৰাজ্যৰ পাঁচ ঠাইত মথাউৰি চিগাৰ তথ্য অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰিছে । বানত এইপৰ্যন্ত ৰাজ্যৰ আঠখন জিলা ক্ৰমে কাছাৰ, ধেমাজি, হোজাই, পশ্চিম কাৰ্বি-আংলং, নগাঁও, বৰপেটা, নলবাৰী আৰু কামৰূপ মহানগৰ জিলা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ২৩০খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে ৷ এই বানত ক্ষতিগ্ৰস্ত হৈছে ৫৬,৭৬৯জন লোক । ১০,৩২১.৪৪ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে অহা ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলা ঠাইতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । অহা ২৪ ঘণ্টাত অসমৰ দুই এঠাইত বিজুলী বজ্ৰপাতৰ সতর্কবাণীও দিয়া হৈছে । অসমৰ দুই এঠাইত প্ৰৱলৰ পৰা অতিশয় প্ৰৱল বৰষুণ হোৱাৰো সম্ভাৱনা আছে । অহা ২৪ ঘণ্টাত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা থকা জিলাসমূহ হ'ল বাক্সা, বঙাইগাঁও, বৰপেটা, নলবাৰী, ধেমাজি আৰু লখিমপুৰ ।

ৰাজ্যত সোমবাৰৰ সৰ্বনিম্ন তাপমাত্ৰা উত্তৰ লক্ষীমপুৰত ১৯.৬ ডিগ্ৰী ছেন্টিগ্ৰেড হৈছে । যোৱা ২৪ ঘণ্টাত উল্লেখনীয় পৰিমাণৰ বৰষুণ হোৱা ঠাইসমূহ হ'ল (১০ ছেন্টিমিটাৰ বা ততোধিক) টংলা-২০ ছে.মি., কোকৰাঝাৰ-১৯ ছে.মি., বহলপুৰ-১৭ ছে.মি., বৰপেটা-১৭ ছে.মি. ,মাজবাট-১৫ ছে.মি., ওদালগুৰি-১৫ ছে.মি, পাণবাৰী-১২ ছে.মি., বাকসা -১০ ছে.মি., মাজুলী -১১ছে.মি, বদতিঘাট -১০ ছে.মি., ঢেকীয়াজুলি-১০ ছে.মি.,বিলাসীপাৰা-১০ছে.মি, গহপুৰ-১০ ছে.মি. আৰু তামুলপুৰ -১০ ছে.মি ।

লগতে পঢ়ক: নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰত কৃত্ৰিম বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.