নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰত কৃত্ৰিম বান

By

Published : May 16, 2022, 2:18 PM IST

Updated : May 16, 2022, 2:30 PM IST

thumbnail

বিগত তিনি দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে শিৱসাগৰৰ জনজীৱন । হাট-বজাৰ মন্দা চলাৰ লগতে যাতায়ত আৰু পৰিবহন স্তিমিত হৈ পৰিছে । নলা-নৰ্দমাৰ বহন ক্ষমতাৰ বিপৰীতে অত্যাধিক বৰষুণ হোৱাত নগৰৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানে দেখা দিছে(Artificial Flood in Sivasagar) । নগৰৰ অ’ এন জি চিৰ কাৰ্যালয় আৰু আৱাসিক অঞ্চল(ONGC Colony Sivasagar) পানীত ডুব যোৱাৰ লগতে জেঙনিকটীয়া অঞ্চলৰ ১ আৰু ২ নং ৱাৰ্ড আৰু পশ্চিম যমুনা ৰোডৰ বিভিন্ন ঠাইত কৃত্ৰিম বানে ৰাইজক যমৰ যাতনা দিছে । বিশেষকৈ পৰিকল্পনা নোহোৱাকৈ জধে-মধে গৃহ নিৰ্মাণ কৰাৰ লগতে ৰাজহুৱা জলাশয়সমূহ পুতি পেলোৱাৰ বাবে অতিৰিক্ত পানী জমা হোৱাৰ ব্যৱস্থা নোহোৱা হৈ পৰিছে । যাৰবাবে বৰষুণৰ পৰিমাণ অত্যাধিক হোৱাত ৰাইজে জীয়াতু ভুগিব লগা হৈছে ।

Last Updated : May 16, 2022, 2:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.