ETV Bharat / bharat

ইটানগৰত ভূমিস্খলনত শিশুৰ মৃত্যু; সন্ধানহীন দুজন

author img

By

Published : May 17, 2022, 8:25 AM IST

অৰুণাচলত নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলন(Landslide in Arunachal) ৷ ইটানগৰৰ পাঞ্জাৱী ধাবা যংছেটেৰ সমীপত হোৱা ভয়াৱহ ভূমিস্খলনত আৱদ্ধ এটা পৰিয়াল ৷ উদ্ধাৰকাৰী দলে উক্ত স্থানৰ পৰা উদ্ধাৰ কৰে এটা শিশুৰ মৃতদেহ(Child died in landslide in Itanagar) ৷ বাকী তিনিজনক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে সন্ধানহীন হৈছে দুজনকৈ সদস্য ৷

one-child-died-in-landslide-in-itanagar
ইটানগৰত ভূমিস্খলন

তেজপুৰ, 17 মে’: অৰুণাচলৰ ৰাজধানী চহৰ ইটানগৰত নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলন(Landslide in Arunachal) ৰ ঘটনা ৷ সোমবাৰে পুৱতি নিশা ৰাজধানী চহৰখনত থকা পাঞ্জাৱী ধাবা যংছেটেৰ সমীপত ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ ফলত একেটা পৰিয়ালৰে ছগৰাকীকৈ সদস্য সেই স্থানতে আৱদ্ধ হৈ পৰে ৷

one-child-died-in-landslide-in-itanagar
উদ্ধাৰ অভিযানত ব্যস্ত এনডিআৰএফ

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় 12 নং ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ অধীনষ্ঠ এনডিআৰএফ দল(Rescue oparation by NDRF) ৷ দলটোৱে ভূমিস্খলন সংঘটিত হোৱা স্থানৰ পৰা এটা শিশুৰ মৃতদেহ উদ্ধাৰ(Child died in landslide in Itanagar) কৰাৰ লগতে তিনিজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আহত তিনিওজন লোককে ভৰ্তি কৰোৱা হয় স্থানীয় আৰ কে মিছন হাস্পতালত ৷ এই পৰ্যন্ত চিকিৎসালয়তে আছে আহত ব্যক্তিকেইগৰাকী ৷

আনহাতে, এই ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে দুজনকৈ লোক ৷ এই তথ্য সদৰি কৰিছে উদ্ধাৰকাৰী দলে ৷

ইটানগৰত ভূমিস্খলনত শিশুৰ মৃত্যু

ৰাজ্যখনত মাত্ৰাধিক পৰিমাণৰ বৃষ্টিপাতৰ ফলতে ঠায়ে ঠায়ে ভূমিস্খলন সংঘটিত হৈ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা(Communication disrupted in Arunachal) ৷ উল্লেখ্য যে, সোমবাৰে ৰাজ্যখনৰ বহু অংশত দ্বৈত পথ সম্প্ৰসাৰণৰ কাম অব্যাহত থকাৰ সময়তে ঘটে ভূমিস্খলনৰ ঘটনা ৷ অৰুণাচলৰ জিৰ’ৰ পৰা পটিন সংযোগী ঘাইপথতো ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা ৷

লগতে চাওক: বৃষ্টিপাতৰ বাবে জিৰ’ৰ পৰা পটিন সংযোগী ঘাইপথত ব্যাহত যাতায়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.