ETV Bharat / state

বৃষ্টিপাতৰ বাবে জিৰ’ৰ পৰা পটিন সংযোগী ঘাইপথত ব্যাহত যাতায়াত

author img

By

Published : May 16, 2022, 1:26 PM IST

communication-disrupted-in-arunachal-due-to-heavy-rainfall
ব্যাহত যাতায়াত

আজি কিছুদিন অব্যাহত থকা বৰষুণৰ ফলতে একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বাট-পথ ৷ দৈনন্দিন বাট-পথসমূহৰে লঘূ বাহনসমূহ পাৰ হোৱাৰ বিপৰীতে গধুৰ বাহনসমূহে যাতায়াত কৰাত বাধাৰ সন্মুখীন(Communication disrupted in Arunachal) হৈছে ৷ অৰুণাচলৰ জিৰ’ৰ পৰা পটিন সংযোগী ঘাইপথতো ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷

জোনাই, 16 মে’: প্ৰকৃতিৰ ৰোষত সমগ্ৰ ৰাজ্য ৷ মাৰ্চ মাহৰ শেষৰফালৰ পৰা ৰাজ্যত তাণ্ডৱ চলিছে প্ৰকৃতিৰ ৷ ধুমুহা, ধাৰাসাৰ বৃষ্টিপাত, বজ্ৰপাতৰ ফলত ব্যাঘাত জন্মিছে সাধাৰণ লোকৰ জীৱনযাত্ৰাত ৷ ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে বানৰ তাণ্ডৱ ৷ শেহতীয়াকৈ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, চলিত বৰ্ষত ৰাজ্যত ধুমুহা-বজ্ৰপাতৰ ফলত প্ৰায় 20 গৰাকীকৈ লোকৰ আৰু বানত মৃত্যু ঘটিছে 3 গৰাকীকৈ লোকৰ ৷ নেৰানেপেৰা বৰষুণৰ ফলত বহু চহৰত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগতে ঠায়ে ঠায়ে হৈছে ভূমিস্খলন ৷

লগতে চাওক: ধুমুহা-বৰষুণত ডিমা হাছাওত বিস্তৰ ক্ষতি

আজি কিছুদিন অব্যাহত থকা বৰষুণৰ ফলতে একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বাট-পথ ৷ দৈনন্দিন বাট-পথসমূহৰে লঘূ বাহনসমূহ পাৰ হোৱাৰ বিপৰীতে গধুৰ বাহনসমূহে যাতায়াত কৰাত বাধাৰ সন্মুখীন(Communication disrupted in Arunachal) হৈছে ৷ ৰাজ্যখনৰ বহু অংশত দ্বৈত পথ সম্প্ৰসাৰণৰ কাম অব্যাহত থকাৰ সময়তে ঘটিছে ভূমিস্খলন ৷ অৰুণাচলৰ জিৰ’ৰ পৰা পটিন সংযোগী ঘাইপথতো ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷

লগতে চাওক: Train service cancelled : ডিমা হাছাওত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ

উল্লেখ্য যে, অসমৰ অন্যতম পাহাৰীয়া ৰাজ্য ডিমা হাছাওতো ভূমিস্খলন(Landslide in Dima Hasao)ৰ ঘটনা সংঘটিত হৈছে ৷ জিলাখনৰ লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত ভূমিস্খলন হোৱাৰ পিছতে বাতিল কৰিবলগীয়া হৈছে বহু কেইখন ৰে’লৰ যাত্ৰা(Landslide on Broad gauge railway line at Lumding-Silchar) ৷

ওয়াড্ৰিংদিছা আৰু মাইবাঙৰ মাজত হোৱা ভূমিস্খলনৰ ফলত কেইবাঘণ্টা ধৰি বন্ধ হৈ পৰে ৰে’ল সেৱা ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰায় 24 ঘণ্টাৰো অধিক সময় ধৰি গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৰ যাত্ৰীসকল নিউ হাফলং ষ্টেচনতে আৱদ্ধ হৈ আছে(Train passengers stranded at New Haflong station) । ইফালে শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লগাড়ীখনো যাত্ৰীসহ আৱদ্ধ হৈ আছে(Silchar Guwahati express stranded in Dima Hassao) ডিটেকচৰা ষ্টেচনত ৷

লগতে চাওক: ধুমুহা-বৰষুণত ৰাজ্যত 20 লোকৰ প্ৰাণহানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.