ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Nov 20, 2022, 5:01 PM IST

TOP 10 AT 5PM
5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ

Radisson Blu Hotel : দিল্লীত আত্মহত্যা ৰেডিছন ব্লু হোটেলৰ মালিকৰ !

দেশৰ অভিজাত হোটেল ৰেডিছন ব্লু হোটেলৰ মালিকৰ মৃতদেহ উদ্ধাৰ দিল্লীত (Radisson Blu Hotel owner suicide) । গাজিয়াবাদত থকা বিলাসবহুল হোটেলখনৰ মালিক অমিত জৈনৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হৈছে নিজৰ ঘৰতে ।

Tribute to Barpeta satra burha satriya: বশিষ্ঠ দেৱ শৰ্মাৰ সোৱঁৰণত বৰপেটা সত্ৰত ’হৰি স্তুতি’

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ সোৱঁৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন(Tribute to Barpeta Satra Burha Satriya) ৷ বৰপেটা সত্ৰৰ সহযোগত আজি বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱ তথা বৰপেটাবাসী ৰাইজে দিনজোৰা কাৰ্যসূচীৰে ’হৰি স্তুতি’ অনুষ্ঠানৰ আয়োজন কৰে ।

AASU general conference : বিভেদকামী ৰাজনৈতিক শক্তিক হুংকাৰ সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ

লখিমপুৰ নগৰ খেলপথাৰত পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰত শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা আছুৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱাই (AASU general conference in Lakhimpur) ৷

FIFA World Cup : কাটাৰ বিশ্বকাপৰ সম্পূৰ্ণ সূচী

কাটাৰ বিশ্বকাপ ফুটবল লিয়নেল মেছি (Lionel Messi) আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ (Cristiano Ronaldo) বাবে অন্তিম সুযোগ । আনহাতে, বিশ্ব ক্ৰীড়াৰ আটাইতকৈ ডাঙৰ মঞ্চখনলৈ উভতি আহিছে ফ্ৰান্সৰ কাইলিয়ান এমবাপে ।

Lachit Borphukan 400th birth anniversary : ডিফুৰ ৰক্তদান শিবিৰত অংশ ল’লে তিনি শতাধিক প্ৰাক্তন বিদ্ৰোহীয়ে

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী(Lachit Borphukan 400th birth anniversary) উপলক্ষ্যে কাৰ্বি আংলঙত অনুষ্ঠিত হ’ল ৰক্তদান শিবিৰ । উক্ত ৰক্তদান কাৰ্যসূচীত ১১ টাকৈ বিদ্ৰোহী সংগঠনৰ তিনি শতাধিক প্ৰাক্তন কেডাৰে স্বেচ্ছাই ৰক্তদান কৰে ।

Turkey Airstrikes Over Northern Syria: উত্তৰ ছিৰিয়াত তুৰ্কীৰ বিমান আক্ৰমণ

আংকাৰা আৰু ৱাশ্বিংটন দুয়ো পক্ষই পিকেকেক এটা সন্ত্ৰাসবাদী গোট (terror group PKK) হিচাবে গণ্য কৰে । কিন্তু ছিৰিয়াত ইছলামিক ষ্টেটৰ (Islamic State) বিৰুদ্ধে যুঁজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে মিত্ৰতা কৰা ছিৰিয়ান কুৰ্দিছ গোটবোৰৰ স্থিতিৰ সৈতে একমত নহয় ।

Cannabis seized at khotkhoti: খটখটীত চাৰি কুইন্টল গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক

খটখটী আৰক্ষীৰ আন এক সফলতা ৷ কাৰ্বি আংলং জিলাৰ মাজেৰে অপৰাধী চক্ৰই‌ ব্যাপক হাৰত নিচাযুক্ত সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰি থকাৰ সময়তে দেওবাৰে পুৱা অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জাসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Huge amount of cannabis seized at khotkhoti)৷ লগতে এই ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় ।

Bhaona Performed by Women: কলিয়াবৰত মহিলাৰ ভাওনা পৰিৱেশন

শৰতৰ অমিয়া নিশাতে গুৰুজনাৰ অমৰ সৃষ্টি ৰাম বিজয় নাটভাগ পৰিৱেশন কৰিলে কলিয়াবৰৰ হাতীগাঁৱৰ মাহিলাসকলে (Bhaona Performed by Women)৷ ৰাম বিজয় নাটখনক লৈ হাতীগাঁৱৰ মহিলাসকলে ভাওনা খলাত এক উখল মাখল পৰিবেশ সৃষ্টি কৰে (Bhaona Performed by Women at Kaliabor)৷ কোনোৱে যদি হাতত ধনু লৈ ৰাম ৰূপে নাচিছে কোনোৱে হাতত পৰশু লৈ পৰশুৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৷

Wild Elephant terror : গোৱালপাৰাত বন্যহস্তীৰ ত্ৰাস

গোৱালপাৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ (Wild Elephant terror in Goalpara) । খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ গতি কৰিছে বনৰীয়া হাতীৰ জাকে । আতংকিত এতিয়া গোপালপুৰবাসী ৰাইজ ।

Nivedita Sooraj Remembered : সোঁৱৰণীৰ এটা পৃষ্ঠা হৈ পঞ্চভূতত বিলীন নিবেদিতা

দুচকুত তৰা ভৰা আকাশৰ সপোন, বুকুত আশা আৰু মনত দুৰ্বাৰ হাবিয়াস লৈ সাংবাদিকতাৰ জগতখনত প্ৰৱেশ কৰা নিবেদিতা এতিয়া কাহিনীও পূৰণ নোহোৱা এটা সপোনত পৰিণত হ'ল । অকালতে নিঃশেষ হ'ল এগৰাকী যুৱ প্ৰতিভা । সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন হ'ল নিবেদিতা সূৰজ (funeral rites of Nivedita Sooraj)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.