Turkey Airstrikes Over Northern Syria: উত্তৰ ছিৰিয়াত তুৰ্কীৰ বিমান আক্ৰমণ

author img

By

Published : Nov 20, 2022, 4:28 PM IST

Syria

আংকাৰা আৰু ৱাশ্বিংটন দুয়ো পক্ষই পিকেকেক এটা সন্ত্ৰাসবাদী গোট (terror group PKK) হিচাবে গণ্য কৰে । কিন্তু ছিৰিয়াত ইছলামিক ষ্টেটৰ (Islamic State) বিৰুদ্ধে যুঁজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে মিত্ৰতা কৰা ছিৰিয়ান কুৰ্দিছ গোটবোৰৰ স্থিতিৰ সৈতে একমত নহয় ।

ইণ্টাৰনেচনেল ডেস্ক, ২০ নৱেম্বৰ : আমেৰিকা সমৰ্থিত কুৰ্দিশ নেতৃত্বাধীন বাহিনীয়ে জনোৱা অনুসৰি, তুৰ্কীয়ে শনিবাৰে উত্তৰ চিৰিয়াৰ কেইবাখনো চহৰত বিমান আক্ৰমণ আৰম্ভ কৰে (Turkey launched airstrikes in northern Syria) । ইস্তাম্বুলৰ মাজভাগত এটা বোমাই এক ব্যস্ত ৰাজপথ কঁপাই তোলাৰ এসপ্তাহ পিছত এই বিমান আক্ৰমণ সংঘটিত হয় । যাৰ ফলত ছয়জন লোক নিহত হয় আৰু ৮০ জনৰো অধিক লোক আহত হয় । তুৰ্কী কৰ্তৃপক্ষই এই আক্ৰমণৰ বাবে অবৈধ কুৰ্দিস্তান ৱৰ্কৰ্ছ পাৰ্টী চমুকৈ পিকেকেৰ লগতে ইয়াৰ সৈতে জড়িত ছিৰিয়ান কুৰ্দিছ গোটসমূহক দোষাৰোপ কৰিছে । আনহাতে, কুৰ্দিছ উগ্ৰপন্থী গোটবোৰে (Kurdish militants groups) অৱশ্যে ইয়াত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে ।

আংকাৰা আৰু ৱাশ্বিংটন (Ankara and Washington) দুয়োপক্ষয়েই পিকেকেক এটা সন্ত্ৰাসবাদী গোট হিচাবে গণ্য কৰে (terror group PKK) । কিন্তু ছিৰিয়াত ইছলামিক ষ্টেটৰ বিৰুদ্ধে যুঁজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে মিত্ৰতা কৰা ছিৰিয়ান কুৰ্দিছ গোটবোৰৰ স্থিতিৰ সৈতে একমত নহয় । এই আক্ৰমণৰ পিছত তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এখন যুঁজাৰু বিমানৰ ফটো পোষ্ট কৰি এই বাক্যাংশ প্ৰকাশ কৰিছে, "বদমাচবোৰৰ বিশ্বাসঘাতক আক্ৰমণৰ হিচাপ ৰখা হৈছে ।"

উক্ত বিমান আক্ৰমণে তুৰ্কী সীমান্তৰ ওচৰৰ এক কৌশলগত চহৰ কোবানিক লক্ষ্য কৰি লয় যাক আঙ্কাৰাই পূৰ্বতে উত্তৰ ছিৰিয়াত 'সুৰক্ষিত অঞ্চল' স্থাপনৰ পৰিকল্পনাত অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল । এছডিএফৰ মুখপাত্ৰ ফাৰহাদ ছামীয়ে (SDF spokesperson Farhad Shami) এটা টুইটত লগতে কয় যে স্থানচ্যুত লোকৰ সৈতে ঘন জনবসতি থকা দুখন গাঁও তুৰ্কীৰ বোমাবর্ষণৰ লক্ষ্যত আছিল । তেওঁ কয় যে এই আক্ৰমণৰ ফলত হতাহত হৈছে । ছিৰিয়াৰ বিৰোধী সংবাদ মাধ্যমৰ খবৰ অনুসৰি, তুৰ্কীৰ বিমান আক্ৰমণে কুৰ্দিছ নেতৃত্বাধীন ছিৰিয়ান ডেম'ক্ৰেটিক ফ'ৰ্চৰ স্থিতি লক্ষ্য কৰি লৈছিল (Kurdish led Syrian Democratic Forces) ।

আনহাতে, ব্ৰিটেইনস্থিত ছিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছ (Syrian Observatory for Human Rights) নামৰ এক যুদ্ধবিৰোধী নিৰীক্ষকে জনাইছে যে এই আক্ৰমণে ছিৰিয়াৰ সেনাৰ ঘাটিসমূহকো আঘাত কৰিছে আৰু এছডিএফ আৰু ছিৰিয়ান সেনাৰ সৈনিকসহ কমেও ১২ জন নিহত হৈছে । লগতে কয় যে তুৰ্কী যুদ্ধবিমানৰ দ্বাৰা আলেপ্পো, ৰাক্কা আৰু হাচাকাহৰ গ্ৰামাঞ্চলত প্ৰায় ২৫ টা বিমান আক্ৰমণ কৰা সংঘটিত কৰা হয় ।

ইফালে চুবুৰীয়া ইৰাকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইৰবিল কনছুলেট জেনেৰেলে (US Consulate General in Erbil) কয় যে তেওঁলোকে অনাগত দিনত উত্তৰ ছিৰিয়া আৰু উত্তৰ ইৰাকত তুৰ্কীৰ সম্ভাৱ্য সামৰিক পদক্ষেপৰ এক বিশ্বাসযোগ্য প্ৰতিবেদন নিৰীক্ষণ কৰি আছে । উত্তৰ-পূব ছিৰিয়াৰ কুৰ্দিছ নেতৃত্বাধীন কৰ্তৃপক্ষই শনিবাৰে কয় যে যদি তুৰ্কীয়ে আক্ৰমণ কৰে, তেন্তে অঞ্চলটোৰ যুঁজাৰুসকলৰ "আমাৰ অঞ্চলসমূহক এক গুৰুত্বপূৰ্ণ উপায়েৰে প্ৰতিৰোধ আৰু প্ৰতিৰক্ষা কৰাৰ অধিকাৰ থাকিব, যিয়ে অঞ্চলটোক দীঘলীয়া যুদ্ধলৈ লৈ যাব ।" উল্লেখ্য, তুৰ্কীয়ে ২০১৬ চনৰ পৰা ছিৰিয়ালৈ তিনিটা গুৰুত্বপূৰ্ণ সীমান্তৰ সিপাৰৰ পৰা অভিযান আৰম্ভ কৰিছে আৰু ইতিমধ্যে উত্তৰৰ কিছুমান অঞ্চল নিয়ন্ত্ৰণ কৰিছে ।

লগতে পঢ়ক :FIFA World Cup : কাটাৰ বিশ্বকাপৰ সম্পূৰ্ণ সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.