Tribute to Barpeta satra burha satriya: বশিষ্ঠ দেৱ শৰ্মাৰ সোৱঁৰণত বৰপেটা সত্ৰত ’হৰি স্তুতি’

author img

By

Published : Nov 20, 2022, 4:39 PM IST

Etv Bharattribute-to-barpeta-satra-burha-satriya-in-barpeta

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ সোৱঁৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন(Tribute to Barpeta Satra Burha Satriya) ৷ বৰপেটা সত্ৰৰ সহযোগত আজি বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱ তথা বৰপেটাবাসী ৰাইজে দিনজোৰা কাৰ্যসূচীৰে ’হৰি স্তুতি’ অনুষ্ঠানৰ আয়োজন কৰে ।

বৰপেটা ২০ নৱেম্বৰ: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ বৈকুণ্ঠ প্ৰয়াণৰ এমাহ পূৰ হোৱা উপলক্ষে সত্ৰীয়া সাধক গৰাকীৰ প্ৰতি আজি বৰপেটাবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Tribute to Barpeta satra burha satriya) ৷ আজি পুৱাৰে পৰাই বুঢ়াসত্ৰীয়াগৰাকীৰ এমহীয়া কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বৰপেটা সত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ বৰপেটা সত্ৰত আই আৰু বাপসকলে বুঢ়াসত্ৰীয়াগৰাকীক স্মৰণ কৰি নাম-প্ৰসংগ, ভাগৱত পাঠ আদি অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ এখন সভাৰো আয়োজন কৰে(Tribute to Bashishtha Dev Sarma) ৷

বশিষ্ঠ দেৱ শৰ্মাৰ সোৱঁৰণত বৰপেটা সত্ৰত ’হৰি স্তুতি’

বৰপেটা সত্ৰৰ সহযোগত আজি বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱ তথা বৰপেটাবাসী ৰাইজে দিনজোৰা কাৰ্যসূচীৰে 'হৰি স্তুতি' অনুষ্ঠানৰ আয়োজন কৰে । নাম প্ৰসংগ আৰু সত্ৰীয়া গীত-বাদ্য আদি অনুষ্ঠানৰ আয়োজন কৰি বুঢ়াসত্ৰীয়া গৰাকীক স্মৰণ কৰা দেখিবলৈ পোৱা যায় ৷ বুঢ়াসত্ৰীয়া গৰাকীৰ এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ধূৱাহাটা বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ লগতে সত্ৰীয়া গৰাকীৰ পৰিয়ালবৰ্গ আৰু বহু গুণমুগ্ধ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে । নাম প্ৰসংগ আৰু স্মৃতিচাৰণ সভাৰ উপৰিও বিয়লি ভাগৰ পৰা ঘোষা কীৰ্তন, ওজা পালি, গায়ন-বায়ন আৰু থিয় নামৰ আয়োজন কৰিছে উদ্যোক্তা মণ্ডলীয়ে ।

বৰপেটাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহি উপস্থিত হৈছে বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ স্মৃতিত আয়োজন কৰা 'হৰি স্তুতি' অনুষ্ঠানত । উল্লেখ্য যে, বিগত মাহৰ 22 অক্টোবৰৰ দিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ দেৱ শৰ্মাই ৷ জাতি-ধৰ্মৰ কোনো বাচ-বিচাৰ নকৰি সকলোকে আপোন জ্ঞান কৰা বুঢ়া সত্ৰীয়া গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে শোকস্তব্ধ হৈ পৰিছিল বৰপেটাবাসীৰ লগতে সমগ্ৰ ৰাজ্য ৷

অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হৈছিল ৰাজ্যবাসীয়ে । 24 অক্টোবৰ দিনা ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানটো বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক: Srimanta Sankaradeva Kalakshetra: দেশৰ ৪৬৭ গৰাকী শিশু বিজ্ঞানীৰে মুখৰিত হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.