AASU general conference : বিভেদকামী ৰাজনৈতিক শক্তিক হুংকাৰ সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ

author img

By

Published : Nov 20, 2022, 4:04 PM IST

AASU general conference in Lakhimpur

লখিমপুৰ নগৰ খেলপথাৰত পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰত শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা আছুৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱাই (AASU general conference in Lakhimpur) ৷

লখিমপুৰ, 20 নৱেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ আজি দ্বিতীয় দিন (2nd day of AASU general conference)৷ লখিমপুৰ নগৰৰ খেলপথাৰত পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰত শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সাধাৰণ সভাৰ দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱাই (AASU general conference in Lakhimpur) ৷ তেওঁলোকে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত মহাপুৰুষসকলৰ লগতে সংস্কৃতিৰ পূজাৰী সকলে দি যোৱা সমল আৰু আদৰ্শৰে অসমীয়া জাতিক একতা ডোলেৰে নজহা নপমাকৈ ধৰি ৰখাৰ সংকল্পৰ কথা ব্যক্ত কৰে ৷

বিভেদকামী ৰাজনৈতিক শক্তিক হুংকাৰ সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ

লগতে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্যই (AASU Chief Samujjal Bhattacharya) কয়- "যিসকল ষড়যন্ত্ৰকাৰীয়ে বিভাজনৰ ৰাজনীতি কৰিবলৈ কূট-কৌশল কৰিছে তেওঁলোকলৈ আমাৰ এই ক্ষেত্ৰৰ পৰাই সতৰ্কবাণী ৷ নোৱাৰিবা তোমালোকে ৷ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক লগ হৈ আমি খিলঞ্জীয়াসকল ঐক্যবদ্ধ হৈ আছিলো, আমি একেলগে আছো আৰু আমি একেলগে আগবাঢ়ি যাম ৷ কোনো ষড়যন্ত্ৰকাৰীয়ে আমাক এই বাটত স্তব্ধ কৰিব নোৱাৰিব ৷ এই সাংস্কৃতিক শোভাযাৰ জৰিয়তে আমি বিভাজনকাৰীসকললৈ এই বাৰ্তা দিবলৈ ওলাইছো ৷"

সমুজ্জ্বল ভট্টাচাৰ্যই লগতে কয় যে ৰাজনৈতিক শক্তিয়ে ভাঙি পেলোৱা অসমৰ একতাক সাংস্কৃতিক পন্থাৰে পুনৰাই জোৰা লগোৱা হ'ব (Samujjal Bhattacharya in Lakhimpur) ৷ অসমত বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষীৰ একতা আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব ৷ কোনো বিভেদ কামী ৰাজনৈতিক শক্তিয়ে এই একতা ভাঙিব নোৱাৰে ৷

আজি দ্বিতীয় দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰি অপশক্তিৰ বিৰুদ্ধে এনেদৰে সকীয়নি দিয়ে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই (AASU Chief Samujjal Bhattacharya)৷ ইয়াৰ পূৰ্বে ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি দীপাংক কুমাৰ নাথে ৷ শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ ভাষণ প্ৰসংগত ছাত্ৰনেতা কেইজনে অসমৰ জাতীয় জীৱনৰ সমস্যাৰাজি সম্পৰ্কে ৰূপৰেখা তৈয়াৰ কৰাৰ লগতে ছাত্ৰ সন্থাৰ অনাগত দিনৰ কৰ্মপন্থা নিৰ্ণয় হ’ব বুলি কয় ।

তেঁওলোকে লখিমপুৰৰ ঐতিহ্য আৰু গৌৰৱক স্মৰণ কৰাৰ লগতে মাথো ১৫ দিনৰ ভিতৰতে বিশাল আয়োজনেৰে ছাত্ৰ সন্থাৰ লোকসকলক সহযোগিতা কৰি এই সাধাৰণ সভাখন সফল কৰাৰ বাবে সমুহ ৰাইজক ভূয়সী প্ৰশংসা কৰে ৷

লগতে পঢ়ক: Achievement of Drishtiparna Kalita: ৰাষ্ট্ৰীয় শক্তি উত্তোলনত আমগুৰিৰ কিশোৰীৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.