Lachit Borphukan 400th birth anniversary : ডিফুৰ ৰক্তদান শিবিৰত অংশ ল’লে তিনি শতাধিক প্ৰাক্তন বিদ্ৰোহীয়ে

author img

By

Published : Nov 20, 2022, 3:17 PM IST

Lachit Borphukan 400th birth anniversary

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী(Lachit Borphukan 400th birth anniversary) উপলক্ষ্যে কাৰ্বি আংলঙত অনুষ্ঠিত হ’ল ৰক্তদান শিবিৰ । উক্ত ৰক্তদান কাৰ্যসূচীত ১১ টাকৈ বিদ্ৰোহী সংগঠনৰ তিনি শতাধিক প্ৰাক্তন কেডাৰে স্বেচ্ছাই ৰক্তদান কৰে ।

ডিফু, 20 নৱেম্বৰ : মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী(Lachit Borphukan 400th birth anniversary) উপলক্ষ্যে কাৰ্বি আংলং জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকৰ সহযোগত ডিফু চিকিৎসা মহাবিদ্যালয়ত দেওবাৰে পুৱা 10 বজাত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । উক্ত ৰক্তদান কাৰ্যসূচীত পাহাৰীয়া জিলাখনৰ ১১ টাকৈ বিদ্ৰোহী সংগঠনৰ তিনি শতাধিক প্ৰাক্তন কেডাৰে স্বেচ্ছাই ৰক্তদান কৰে (Blood donation camp at Diphu)।

ডিফুৰ ৰক্তদান শিবিৰত অংশ ল’লে তিনি শতাধিক প্ৰাক্তন বিদ্ৰোহীয়ে

ৰক্তদান শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্বি আংলং জিলাৰ উপাযুক্ত মধুমিতা ভাগৱতীয়ে (Karbi Anglong DC)। উক্ত ৰক্তদান কাৰ্যসূচীত উপস্থিত থাকে আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া-কৰ্মী । আনহাতে ৰক্ত গ্ৰহণ কৰাৰ বাবে শিবিৰটোত থকা চিকিৎসা কৰ্মীসকলৰ লগতে প্ৰাক্তন বিদ্ৰোহী সদস্যসকলকো প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

দুয়োগৰাকী প্ৰশাসনীয় বিষয়া ক্ৰমে মধুমিতা ভাগৱতী আৰু সঞ্জীৱ কুমাৰ শইকীয়াই মহাবীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ জিলাখনতে লোৱা এলানি কাৰ্যসূচী সন্দৰ্ভত অৱগত কৰে আৰু স্বেচ্ছাই সমাজ সেৱাৰ দৰে কাৰ্যত আগুৱাই আহি ৰক্তদান কৰাৰ বাবে প্ৰাক্তন বিদ্ৰোহী সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে ।

ইয়াৰোপৰি পিডিচিকেৰ প্ৰাক্তন অধ্যক্ষ সংবিজিত ইংতি কাথাৰ(Songbijit Ingti Kathar) ওৰফে সৰ্চিং তেৰাঙে কয় যে, প্ৰশাসনৰ নিৰ্দেশ মৰ্মে আৰু মহাবীৰ লচিতলৈ সন্মান জনাবলৈ উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন কেডাৰসকলে ৰক্তদান কৰিবলৈ আহিছে । ৰক্তদান এক মহৎ কাম । ৰক্তদানে কোনোধৰণৰ ক্ষতিসাধন নকৰে , গতিকে সকলোৱে স্বেচ্ছাই ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিব লাগে বুলি তেওঁ আহ্বান জনায় ।

উল্লেখ্য যে, অসম চৰকাৰে অহা ২৩ নৱেম্বৰৰ পৰা নতুন দিল্লীত আয়োজন কৰিছে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান (400th birth anniversary of Lachit Borphukan) । ২৪ নৱেম্বৰৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah) । গৃহ মন্ত্ৰীগৰাকীয়ে সেইদিনা অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰিব ।

তদুপৰি, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ তাৰিখে ৪০০ সংখ্যক লাচিত দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকি দেশবাসীক সম্বোধন কৰিব (PM Narendra Modi will attend in Lachit Diwas) ।

লগতে পঢ়ক : Srimanta Sankaradeva Kalakshetra: দেশৰ ৪৬৭ গৰাকী শিশু বিজ্ঞানীৰে মুখৰিত হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.