Cannabis seized at khotkhoti: খটখটীত চাৰি কুইন্টল গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক

By

Published : Nov 20, 2022, 4:44 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

খটখটী আৰক্ষীৰ আন এক সফলতা ৷ কাৰ্বি আংলং জিলাৰ মাজেৰে অপৰাধী চক্ৰই‌ ব্যাপক হাৰত নিচাযুক্ত সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰি থকাৰ সময়তে দেওবাৰে পুৱা অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জাসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Huge amount of cannabis seized at khotkhoti)৷ লগতে এই ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় । আটকাধীন কেইটা হৈছে বিহাৰৰ আৰাহ ভোজপুৰ জিলাৰ ৰামায়ণ যাদৱ (৫২) আৰু ভোলা যাদৱ (৫৫) ৷ উল্লেখ্য যে, গোপন খবৰৰ ভিত্তিত লাভ কৰা তথ্যৰ আধাৰতে খটখটী থানাৰ আৰক্ষী আৰু CRPF য়ে চলাই এই যুটীয়া অভিযান ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত চাৰি কুইন্টল গাঞ্জাৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা ৷ প্ৰাথমিক তদন্তত জব্দ হোৱা গাঞ্জাখিনি মণিপুৰৰ পৰা বিহাৰলৈ নি থকা হৈছিল বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.