ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 25, 2022, 7:01 PM IST

Etv Bharat top News
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ নতুন মুৰব্বী অসম সন্তান লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা

অসম সন্তান তথা ভাৰতীয় সেনাৰ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief ৰ দায়িত্ব গ্ৰহণ কৰিছে ৷ এই পদত অধিষ্ঠিত হোৱা উত্তৰ-পূবৰ তেওঁ প্ৰথমজন সেনা বিষয়া ৷

গাড়ীৰ নিবিদাৰ নামত অইলৰ বিৰুদ্ধে ব্যাপক কেলেংকাৰীৰ অভিযোগ

এইবাৰ অইলত গাড়ী নিবিদাৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ (Alleged scam in OIL bid) । অভিযোগত নাম সাঙোৰ খাইছে অইল ইণ্ডিয়াৰ লজিষ্টিক বিভাগৰ (scam allegation against OIL)। কমিছনৰ লোভত SML কোম্পানীক নিবিদা দিয়াৰ অভিযোগ আন কোম্পেনীৰ।

Nagaon police encounter: আঁঠুৰ তলত বুলেট দিলে কংস মামাই !

অসমৰ কংস মামাই যুৱকসকলক চাকৰি দিম বুলি কৈ নিদিলে ৷ বুলেট দিম বুলি কৈ আঁঠুৰ তলত বুলেট দিলে যুৱকক ৷ মামা হিচাপে পৰিচিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে এনেদৰে ক’লে অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই (APYC leader Ankita Dutta on Cm Himanta Biswa Sarma) ৷

TET teacher to protest in Assam: প্ৰাথমিক টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ব ৰাজ্য

পুনৰ শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ব ৰাজ্য । ১ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলে (Primary TET teacher to protest in Assam)। তেওঁলোকৰ দাবী মানি নল'লে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ হুংকাৰ ।

গণৰাজ্য দিৱসৰ প্ৰাক্ ক্ষণত 26 ঘন্টীয়া অনশনত বহিল সদৌ অসম ছাত্ৰ সন্থা

সত্ৰনগৰী বৰপেটাক ৰেলপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ২৬ ঘন্টীয়া অনশন (AASU set on hunger strike in Barpeta)৷ মঙলবাৰে পুৱা ৭ বজাৰ পৰা ২৬ জানুৱাৰীৰ পুৱা ৯ বজালৈ ২৬ ঘন্টীয়া অনশন কাৰ্যসূচী অব্যাহত থাকিব ৷

কেমেৰাৰ সমুখত মনৰ কথা ক‘লে চীনা সৈন্যই লৈ যোৱা মিৰাম টেৰোনৰ পিতৃয়ে

জনজাতীয় সম্প্ৰদায়ৰ লোক সকলৰ মাজত প্ৰচলিত এক পূজাৰ বাবে চিকাৰ কৰিবলৈ সীমান্ত লৈ যোৱা অৰুণাচলৰ মিৰাম টেৰোন নামৰ কিশোৰজনক চাইনীজ পিএলএ সেনাই ভাৰতৰ ভূমিৰ পৰাই লৈ গৈছিল যোৱা ১৮ জানুৱাৰীৰ দিনা (Arunachal boy abducted by Chinese PLA) ৷ ইয়াৰ পিছত এতিয়া কিশোৰজনৰ পিতৃয়ে এক আছুতীয়া কথা-বাৰ্তাত আমাক জানিবলৈ দিছে মনৰ কথা ৷

Guwahati traffic problem: ধোঁৱাচাঙত GMDAৰ 'Comprehensive Mobility Plan'

মহানগৰীত পদপথ, পদদলং, উৰণীসেতু আৰু পথবিভাজক নিৰ্মাণ কৰি আছে যদিও মহানগৰীৰ যান-জঁটৰ সমস্যা (Traffic problems in Guwahati) সমাধানৰ বাবে কোনো গুৰুত্ব দিয়া নাই । গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ‘কম্প্ৰিহেনছিভ ম’বিলিটী প্লেন’ চমুকৈ চি এম পি নামেৰে গুৱাহাটীৰ যান-বাহন আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বাবে এই পৰিকল্পনা যুগুতকৰণৰ লক্ষ্য লৈছিল ৷ এই সন্দৰ্ভত নিবিদাও আহ্বান কৰা হৈছিল যদিও পিছত সকলো স্তব্ধ হৈ পৰিল ।

লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পুনৰ প্ৰত্যাখ্যান নাহৰকটীয়াত

লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পুনৰ নাহৰকটীয়াত প্ৰত্যাখ্যান ৰাইজৰ (Lurin's AJP losses Thengal Kachari Election ) ৷ ফটকা-ফুলজাৰি ফুটাই আনন্দ উল্লাস বিজেপি কৰ্মীৰ (BJP workers celebrate victory in Thengal Kachari Election)৷

আলফাৰ ভাবুকি নাথাকিলেও ধুবুৰীত গণৰাজ্য দিৱসলৈ আছে ভাবুকি

এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব আগন্তুক গণৰাজ্য দিৱস ৷ ধুবুৰী জিলাতো চলিছে গণৰাজ্য দিৱসৰ উদযাপনৰ প্ৰস্তুতি ৷ কিন্তু ইয়াৰ মাজতে নামি আহিছে ভাবুকি (Threat to republic day celebration in Dhubri) ৷

Maharashtra road accident: বিধায়কৰ পুত্ৰসহ ৭ গৰাকী চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী নিহত পথ দুৰ্ঘটনাত

মহাৰাষ্ট্ৰত সংঘটিত হৈছে মৰ্মান্তিক দুৰ্ঘটনা । পথ দুৰ্ঘটনাত নিহত চিকিৎসা মহাবিদ্যালয়ৰ সাতগৰাকী শিক্ষাৰ্থী (Medical students killed in Maharashtra road accident)। সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.