ETV Bharat / bharat

কেমেৰাৰ সমুখত মনৰ কথা ক‘লে চীনা সৈন্যই লৈ যোৱা মিৰাম টেৰোনৰ পিতৃয়ে

author img

By

Published : Jan 25, 2022, 12:38 PM IST

জনজাতীয় সম্প্ৰদায়ৰ লোক সকলৰ মাজত প্ৰচলিত এক পূজাৰ বাবে চিকাৰ কৰিবলৈ সীমান্ত লৈ যোৱা অৰুণাচলৰ মিৰাম টেৰোন নামৰ কিশোৰজনক চাইনীজ পিএলএ সেনাই ভাৰতৰ ভূমিৰ পৰাই লৈ গৈছিল যোৱা ১৮ জানুৱাৰীৰ দিনা (Arunachal boy abducted by Chinese PLA) ৷ ইয়াৰ পিছত এতিয়া কিশোৰজনৰ পিতৃয়ে এক আছুতীয়া কথা-বাৰ্তাত আমাক জানিবলৈ দিছে মনৰ কথা ৷ চাওঁ আহক সবিশেষ ৷

Interview of abducted  Arunachal boy Miram Teron's father
কেমেৰাৰ সমুখত মনৰ কথা ক‘লে চীনা সৈন্যই লৈ যোৱা মিৰাম টেৰোনৰ পিতৃয়ে

তেজপুৰ, ২৫ জানুৱাৰী : যদি এখন ঘৰৰ এটি সন্তানক কোনোবাই ঘৰৰ সমীপৰ পৰাই অপহৰণ কৰি লৈ যায় পৰিয়ালৰ কি অৱস্থা হ’ব পাৰে সেয়া সহজে অনুমেয়৷ তাতে যদি আন্তঃৰাষ্ট্ৰীয় সীমাৰ সিপাৰৰ কোনোবা এনে ঘটনাৰ সৈতে জড়িত বুলি জানিব পৰা যায় পৰিয়ালৰ বাবে হয়তো আৰু ই ভয়াৱহ হ’ব পাৰে ৷ এনে এক শ্বাসৰুদ্ধকৰ পৰিবেশ বিৰাজ কৰিছে অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাৱঁৰ অপাঙ টেৰোনৰ ঘৰত ।

অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাঁৱৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ Lungtazor নামৰ সীমান্ত siyungla এলেকাৰ পৰা ১৮ জানুৱাৰীৰ দিনা মিৰাম টেৰোন নামৰ ১৭ বছৰীয়া কিশোৰজনক চীনা PLA সৈন্যই লৈ যায় (Arunachal boy abducted by Chinese PLA) । তেওঁৰ সমনীয়া এজন বন্ধুৰ সৈতে ঘৰৰ পৰা চিকাৰ কৰিবলৈ বুলি সীমান্তৰ কাষলৈ গৈছিল । তাতে লাগিল অথন্তৰ , কোনোমতে লগৰ জনে প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় ।

কেমেৰাৰ সমুখত মনৰ কথা ক‘লে চীনা সৈন্যই লৈ যোৱা মিৰাম টেৰোনৰ পিতৃয়ে

ইতিমধ্যে চুবুৰীয়া দেশ খনৰ সেনাৰ লগত ভাৰতীয় সেনাই যোগাযোগ ব্যৱস্থা স্থাপন কৰিছে আৰু হতলাইনৰ যুগে যোগাযোগ চলিছে (Indian army contacted PLA for missing Arunachal boy)। ইটিভি ভাৰতে অপহৃত মিৰাম তেৰাংৰ পিতৃ অপাঙ তেৰাংৰ লগত যোগাযোগ কৰাত পিতৃ য়ে জনায় যে,"দেশৰ গণৰাজ্য দিৱসৰ দিনা তেওঁৰ পুত্ৰৰ লগত যাতে তেওঁ ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলন কৰিব পাৰে তাৰেই আশা কৰিছে"।

লক্ষণীয় কথাটো হৈছে মিৰাম আৰু তেওঁৰ বন্ধুজনে জনজাতীয় সম্প্ৰদায়ৰ লোক সকলৰ মাজত প্ৰচলিত এক পূজাৰ বাবে চিকাৰ কৰিবলৈ গৈছিল সীমান্ত লৈ । কিন্তু, ইয়াৰ পিছতে সন্ধানহীন হোৱা মিৰামৰ পিতৃ- মাতৃ আৰু পৰিয়ালৰ লোকে সম্প্ৰতি ভাগি পৰিছে ৷

ইটিভি ভাৰতক মিৰামৰ পিতৃয়ে জনায় (Interview of Miram Teron's father) যে, নিজ দেশৰ ভূমিত থকা অৱস্থাত তেওঁৰ লৰাক লৈ যায় । অপাঙ ৰ চাৰিটা পুত্ৰ মিৰামে কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীলৈ পঢ়ি বিদ্যালয় এৰে ।তেওঁ জনায় যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰশাসনিক বিষয়া সকলে দৈনিক তেৰাংৰ পৰিয়ালৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে ।

লগতে পঢ়ক : Tripura police destroy cannabis plants: ত্ৰিপুৰাত কেইবালাখ টকাৰ গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.