Tripura police destroy cannabis plants: ত্ৰিপুৰাত কেইবালাখ টকাৰ গাঞ্জা জব্দ

author img

By

Published : Jan 23, 2022, 8:40 PM IST

Tripura police destroy cannabis plants

ত্ৰিপুৰাত ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । অভিযানৰ মাজতে জব্দ কেইবা লাখ টকাৰ নিষিদ্ধ গাঞ্জা (Cannabis seized in Tripura)। এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি । বাৰামুৰা পাহাৰৰ কেৰালোং অঞ্চলৰ গভীৰ অৰণ্যত থকা গাঞ্জা খেতি ধ্বংস কৰে আৰক্ষীয়ে ।

আগৰতলা,২৩ জানুৱাৰী : ত্ৰিপুৰাত নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । ত্ৰিপুৰা আৰক্ষী আৰু চিআৰপিএফৰ সহযোগত ৰাজ্যখনৰ দুটা পৃথক স্থানৰ পৰা উদ্ধাৰ প্ৰায় ৯ লাখ টকাৰ গাঞ্জা (Cannabis seized in Tripura)। ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰা মহকুমাত ত্ৰিপুৰা যান-বাহন আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত WB-23-C-1597 নম্বৰৰ এখন মালবাহী ট্ৰাকত তালাচী চলায় আৰু ১৫০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে । ইয়াৰ বজাৰ মূল্য প্ৰায় ৬ লাখ টকা বুলি অনুমান কৰা হৈছে ।

দেওবাৰে পুৱা প্ৰায় ৯ মান বজাত তেলিয়ামুৰা আৰক্ষী থানাৰ অন্তৰ্গত হাৱাইবাৰী চেক পইণ্টত চলিছিল এই তালাচী । জানিব পৰা মতে, যান বাহন আৰক্ষীয়ে সেই স্থানত বাহনসমূহৰ তালাচী চলাই আছিল । তেতিয়া আগৰতলাৰ পৰা তেলিয়ামুৰা অভিমুখে ১০ চকীয়া ট্ৰাক খন আহিছিল । কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে ট্ৰাকখন ৰখাই তালাচী চলাই আৰু ১৫ টা গাঞ্জা ভৰ্তি পেকেট উদ্ধাৰ কৰে যিবোৰ ট্ৰাকত থকা কেবিনেটৰ ভিতৰত লুকুৱাই অনা হৈছিল ।

ঘটনা সন্দৰ্ভত ৰঞ্জিত সিং নামৰ ট্ৰাকখনৰ চালকজনকো আটক কৰিছে আৰক্ষীয়ে । চালকজন পশ্চিমবংগৰ বাসিন্দা বুলি জানিব পৰা গৈছে । চালকজনৰ পৰা ৪২,০৬০ টকাও উদ্ধাৰ কৰে আৰক্ষীয়ে । গাঞ্জা উদ্ধাৰৰ পাছতে খোৱাই জিলা যান-বাহন আৰক্ষীৰ ডিএছপি বিক্ৰমজিৎ শুক্লা দাস ঘটনাস্থলীত উপস্থিত হয় ।

ইফালে, তেলিয়ামুৰা আৰক্ষী থানাৰ অন্তৰ্গত বাৰামুৰা পাহাৰৰ কেৰালোং অঞ্চলৰ গভীৰ অৰণ্যত প্ৰায় ২০০০ জোপা গাঞ্জাৰ গছ ধ্বংস কৰা হয় (Tripura police destroy cannabis plants)। যাৰ বজাৰ মূল্য ৩ লাখ টকাতকৈও অধিক হ'ব বুলি অনুমান কৰা হৈছে । গোপন তথ্যৰ ভিত্তিত ৮১ তম বেটেলিয়নৰ আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে বাৰামুৰা পাহাৰৰ গভীৰ অৰণ্যত অভিযান চলায় গাঞ্জা গছবোৰ ধ্বংস কৰে ।

লগতে পঢ়ক :Drug Seized in India Bangladesh Border : ভাৰত-বাংলা সীমান্তত জব্দ 14 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.