ETV Bharat / bharat

Maharashtra road accident: বিধায়কৰ পুত্ৰসহ ৭ গৰাকী চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী নিহত পথ দুৰ্ঘটনাত

author img

By

Published : Jan 25, 2022, 4:03 PM IST

মহাৰাষ্ট্ৰত সংঘটিত হৈছে মৰ্মান্তিক দুৰ্ঘটনা । পথ দুৰ্ঘটনাত নিহত চিকিৎসা মহাবিদ্যালয়ৰ সাতগৰাকী শিক্ষাৰ্থী (Medical students killed in Maharashtra road accident)। সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ ।

Maharashtra road accident
চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী নিহত পথ দুৰ্ঘটনাত

নেশ্যনেল ডেস্ক,২৫ জানুৱাৰী : মহাৰাষ্ট্ৰৰ ৱাৰ্ধা-য়াৱতমাল পথত সোমবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । শোকাবহ পথ দুৰ্ঘটনাটোত মহাৰাষ্ট্ৰৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ সাতগৰাকী শিক্ষাৰ্থী নিহত হয় (Medical students killed in Maharashtra road accident)। দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ ।

ইটিভি ভাৰতে লাভ কৰা তথ্য অনুসৰি নিশা প্ৰায় ১.৩০ মান বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । দেউলীৰ পৰা ৱাৰ্ধালৈ গৈ আছিল এখন এছইউভি । কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই বিলাসী বাহনখন দলঙৰ পৰা তলত পৰে । এই মৰ্মান্তিত পথ দুৰ্ঘটনাটোত চিকিৎসা মহাবিদ্যালয়ৰ সাতগৰাকীকৈ শিক্ষাৰ্থী নিহত হয় ।

নিহতসকল ৱাৰ্ধা জিলাৰ চাৱাংগী অঞ্চলৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে । নিহতসকলৰ ভিতৰত গণ্ডিয়া জিলাৰ তিৰোৰা সমষ্টিৰ বিধায়ক বিজয় ৰাহাংডেলৰ পুত্ৰ আবিষ্কাৰও আছিল । বাকী ৬ গৰাকী শিক্ষাৰ্থী ক্ৰমে এমবিবিএছৰ প্ৰথম বৰ্ষৰ নীৰজ চৌহান, ২০১৫ বৰ্ষৰ ইণ্টাৰ্ন এমবিবিএছ নীতেশ সিং, ২০১৮ বৰ্ষৰ এমবিবিএছ ফাইনেলৰ শিক্ষাৰ্থী বিবেক নন্দন, ২০১৭ বৰ্ষৰ এমবিবিএছ প্ৰত্যুষ সিং আৰু শুভম জয়ছোৱাল, ২০২০ বৰ্ষৰ এমবিবিএছ পৱন শক্তি ।

লগতে পঢ়ক :Mumbai fire : মুম্বাইৰ আৱাসিক ভৱনত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.