ETV Bharat / city

গাড়ীৰ নিবিদাৰ নামত অইলৰ বিৰুদ্ধে ব্যাপক কেলেংকাৰীৰ অভিযোগ

author img

By

Published : Jan 25, 2022, 1:56 PM IST

Updated : Jan 25, 2022, 2:31 PM IST

এইবাৰ অইলত গাড়ী নিবিদাৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ (Alleged scam in OIL bid) । অভিযোগত নাম সাঙোৰ খাইছে অইল ইণ্ডিয়াৰ লজিষ্টিক বিভাগৰ (scam allegation against OIL)। কমিছনৰ লোভত SML কোম্পানীক নিবিদা দিয়াৰ অভিযোগ আন কোম্পেনীৰ।

scam-allegation-against-oil
গাড়ীৰ নিবিদাৰ নামত অইলৰ বিৰুদ্ধে ব্যাপক কেলেংকাৰীৰ অভিযোগ

তিনিচুকীয়া, 25 জানুৱাৰী : অইল ইণ্ডিয়া লিমিটেডে স্থায়ী নিৱনুৱা সমস্যা সমাধানৰ উদ্দেশ্যে নিবিদা নং DCT7447P22 যোগে ৫জুলাই ২০২১ তাৰিখে গাড়ী নিবিদাৰ বাবে আহ্বান জনাইছিল । কিন্তু যিটো নিবিদা প্ৰকাশ কৰিছিল তাত ব্যাপক কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে (Alleged scam in OIL bid) । অইল ইণ্ডিয়া লিমিটেডে পূৰ্বৰ পৰা TATA কোম্পানীৰ গাড়ী ব্যৱহাৰ কৰিছিল ৷

কিন্তু এইবাৰ নিবিদাৰ জৰিয়তে অইলৰ তৰফৰ পৰা SML ISUZU কোম্পানীৰ prestige GS 3335MN DUAL Cabin pickup truck BSVI গাড়ীৰ কথা উল্লেখ কৰিছে । আনহাতে ইয়াৰ বিকল্প হিচাপে আন গাড়ীৰ কথা প্ৰকাশ কৰিছে যদিও কোনো গাড়ীৰ কোম্পানীৰ নাম উল্লেখ কৰা নাই । এতিয়া কথা হ’ল অইলে উজনি অসমত কোনো ডিলাৰ আৰু চাৰ্ভিছ চেন্টাৰ নথকা মাত্ৰ এটা কোম্পানীৰ নাম উল্লেখ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Controversy over OIL bid)।

গাড়ীৰ নিবিদাৰ নামত অইলৰ বিৰুদ্ধে ব্যাপক কেলেংকাৰীৰ অভিযোগ

উল্লেখযোগ্য যে SML ISUZU কোম্পানীৰ ডিলাৰ আৰু চাৰ্ভিছ চেন্টাৰ গুৱাহাটীত অৱস্থিত । গুৱাহাটীৰ পৰা এখন গাড়ী কিনি অনাৰ পাছত চাৰ্ভিচিং আৰু মেৰামতি কৰাৰ ক্ষেত্ৰত ব্যাপক সমস্যা সম্মুখীন হ’ব স্থায়ী নিবনুৱাসকল । যিহেতু SML কোম্পানীৰ ডিলাৰ আৰু চাৰ্ভিছ চেন্টাৰ উজনি অসমত নাই ।অইলৰ তৰফৰ পৰা এখন গাড়ী মেৰামতি অথবা চাৰ্ভিচিংৰ কাৰণে মাহত ৪৮ ঘন্টা সময় দিয়ে (No SML dealer in upper Assam) ।

কিন্তু, গুৱাহাটীত গৈ এখন গাড়ী মেৰামতি অথবা চাৰ্ভিচিংৰ কাৰণে কেইবাদিনো সময় লগাৰ লগতে বহু অৰ্থ ব্যয় হ’ব । তিনিচুকীয়াৰ টাটা মটৰ্চৰ পৰা জনোৱা মতে অইলে একপক্ষ ভাৱে কেৱল SML কোম্পানীক অধিক গুৰুত্ব প্ৰদান কৰিছে। আৰু বাকী কোম্পানী সকলে আবেদন জনোৱাৰ পাছতো কিয় গুৰুত্ব নাপালে ই এক ৰহস্য।

লগতে পঢ়ক : লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পুনৰ প্ৰত্যাখ্যান নাহৰকটীয়াত

Last Updated :Jan 25, 2022, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.