20 দিনত দেশৰ ভিন্ন প্ৰান্তৰ 57 টা অনুষ্ঠানত অংশগ্ৰহণ ড৹ শৰ্মাৰ - Pabitra Margherita Press Meet

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:53 PM IST

thumbnail
সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, 30 মে’ : চলিত লোকসভা নিৰ্বাচনত ৰাজহুৱা সভা, ৰোড শ্ব’, মনোনয়ন দাখিল, জনসম্পৰ্ক আৰু সম্পূৰ্ণ বিশেষ ৰাজনৈতিক সংবাদমেল এই সকলো মিলাই ভাৰতৰ বিভিন্ন প্ৰান্তত 57 টা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মাত্ৰ 20 টা দিনৰ ভিতৰতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিছে ৷ এই তথ্য আজি সংবাদমেলযোগে সদৰী কৰে ৰাজ্যসভাৰ সাংসদ তথা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাই ৷ এই সময়ছোৱাত 19 টা ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সৈতেও এককভাৱে তেওঁ সাক্ষাৎকাৰ প্ৰদান কৰিছে বুলি সদৰী কৰে সাংসদজনে ৷

লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, ৰাইজে এতিয়া 4 তাৰিখলৈ ৰৈ আছে, বিজেপি দলো এক ইতিবাচক চিন্তাৰে ৰৈ আছে ৷ আশা কৰাৰ দৰেই নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠীত হ’ব বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷
 

লগতে পঢ়ক : অগপৰ নিৰ্বাচনী প্ৰতিবেদনত বিধায়কৰ ভুৱা স্বাক্ষৰ ! - AGP Election Report

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.