ETV Bharat / health

দীৰ্ঘায়ু হ’ব বিচাৰিছে নেকি ? তেন্তে নিতৌ কৰক এই কাম - Walking Benefits

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:37 PM IST

Walking Benefits: চিকিৎসকে কয় যে সুস্বাস্থ্যৰ বাবে খোজ কঢ়াটো অতি প্ৰয়োজনীয় । খোজকাঢ়িলে আপোনাৰ স্বাস্থ্যই বহু উপকাৰিতা লাভ কৰে আৰু আটাইতকৈ ডাঙৰ লাভ হৈছে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ পৰাও আপোনাক ৰক্ষা কৰে । কিন্তু বহুতে জানিব বিচাৰে যে সুস্থ হৈ থাকিবলৈ দিনটোত কিমান খোজ কাঢ়িব লাগে । আজি এই বিষয়ে জানো আহক-

How Many Daily Walking Steps Needed for Longevity Benefit?
দীৰ্ঘায়ু হ’ব বিচাৰিছে নেকি ? তেন্তে নিতৌ কৰক এই কাম (FREEPIK)

আজিকালি আমাৰ জীৱনশৈলী এনেকুৱা হৈ পৰিছে যে নিজকে সুস্থ কৰি ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান ৷ কেমিকেলযুক্ত খাদ্য, বতৰৰ পৰিস্থিতি, প্ৰদূষণ আৰু আন বহুতো কাৰণৰ বাবেই আপুনি অসুস্থ হৈ পৰিবলগীয়া হয় ৷ কিন্তু বিশেষজ্ঞ আৰু চিকিৎসকৰ মতে, এটা ব্যায়াম আছে, যিটো কৰিলে আপুনি সুস্থ হৈ থাকিব পাৰে আৰু লগতে দীৰ্ঘায়ুও হ’ব পাৰে ৷

হয়, আমি খোজকঢ়াৰ কথাই কৈছো ৷ চিকিৎসকে কয় যে, কেৱল এই ব্যায়ামটো আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিলেই আপুনি বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰে আৰু দীঘলীয়া জীৱন যাপন কৰিব পাৰে ৷ কিন্তু ইয়াত এটা প্ৰশ্ন উত্থাপন হয় যে, আপুনি কিমান খোজকাঢ়িব লাগে ৷ বয়স অনুযায়ী কিবা সীমা আছে নেকি ? বা যিকোনো ব্যক্তিয়ে ইচ্ছামতে খোজকাঢ়িব পাৰেনে ? গতিকে এজন ব্যক্তিয়ে দিনটোত কিমান খোজ কাঢ়িব লাগে জানো আহক-

এপ’ল’ হস্পিতাল হায়দৰাবাদৰ স্নায়ু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্টযোগে কয় যে, শেহতীয়া এক অধ্যয়নত বহু তথ্য পোহৰলৈ আহিছে ৷ যেনে-

  • কেৱল দিনটোত ৪০০০ খোজ খোজকাঢ়িলেই আপুনি সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰে ৷
  • খোজৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ সুবিধাও বাঢ়ি যায় ৷
  • প্ৰতিদিনে ৫০০ খোজকাঢ়িলে কাৰ্ডিঅ’ভাস্কুলাৰ (CV) মৃত্যুৰ হাৰ ৭ শতাংশ হ্ৰাস পায় ৷
  • প্ৰতিদিনে ১০০০ খোজকাঢ়িলে হৃদযন্ত্ৰৰ মৃত্যুৰ হাৰ ১৫ শতাংশ হ্ৰাস পায় ৷

ইউৰোপিয়ান জাৰ্নেল অৱ প্ৰিভেন্টিভ কাৰ্ডিঅ’লজিৰ এক প্ৰতিবেদন অনুসৰি প্ৰতিদিনে ১১,৫০০ খোজকাঢ়ি যোৱাসকলে সৰ্বাধিক লাভ কৰিছিল ৷ প্ৰতিদিনে ১১,৫০০ খোজকঢ়া লোকৰ হৃদযন্ত্ৰৰ মৃত্যুৰ হাৰ ৭৭ শতাংশ কম আৰু সকলো কাৰণতে মৃত্যুৰ হাৰ ৬৭ শতাংশ কম হোৱাৰ বিপৰীতে দিনটোত ৪,০০০ খোজতকৈ কম খোজকঢ়া লোকৰ মৃত্যুৰ হাৰ ৬৭ শতাংশ কম হয় ৷

লগতে পঢ়ক: শীতকালত কেতিয়া তথা কিমান সময়লৈকে মৰ্নিং ৱাক কৰিব লাগে জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.